உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • Covid 19 India Update : দেশত ক্ৰমান্বয়ে কমিব ধৰিছে কোৰোণাৰ সংক্ৰমণ। ৫০ দিনত সংক্ৰমণৰ সংখ্যা হ'ল সৰ্বনিম্ন। কমিছে পজিটিভিটী হাৰ।

    Covid 19 India Update : দেশত ক্ৰমান্বয়ে কমিব ধৰিছে কোৰোণাৰ সংক্ৰমণ। ৫০ দিনত সংক্ৰমণৰ সংখ্যা হ'ল সৰ্বনিম্ন। কমিছে পজিটিভিটী হাৰ।

    যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ১ লাখ ৫২ হাজাৰ ৭৩৪গৰকী লোক। মৃত্যু হ'ল ৩,১২৮গৰাকী লোকৰ।

    যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ১ লাখ ৫২ হাজাৰ ৭৩৪গৰকী লোক। মৃত্যু হ'ল ৩,১২৮গৰাকী লোকৰ।

    যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ১ লাখ ৫২ হাজাৰ ৭৩৪গৰকী লোক। মৃত্যু হ'ল ৩,১২৮গৰাকী লোকৰ।

    • Share this:
    ক্ৰমান্বয়ে নিম্নগামী হ'ব ধৰিছে দেশত কোৰোণা আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ১ লাখ ৫২ হাজাৰ ৭৩৪গৰকী লোক। ৫০ দিনৰ ভিতৰত এই আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন। বহু উৎকণ্ঠা আৰু আতংকৰ মাজতো এই খবৰ এক সকাহ হৈ আহিছে দেশবাসীৰ বাবে।

    আজিৰ তাৰিখত দেশত সক্ৰিয় কোৰোণা ৰোগীৰ সংখ্যা ২০ লাখ ২৬ হাদাৰ ৯২গৰাকীলৈ হ্ৰাস পালে। যোৱা ২৪ ঘণ্টাত সক্ৰিয় আক্ৰান্ত হ্ৰাস হ'ল ৮৮ হাজাৰ ৪১৬গৰাকী। ২৪ ঘণ্টাত আৰোগ্য হৈ ঘৰলৈ উভতিল ২ লাখ ৩৮ হাজাৰ ২২গৰাকী লোক।

    ভাৰতত যোৱা ২৪ ঘণ্টাত পজিটিভিটী হাৰ আছিল ৯.০৭ শতাংশ। একেৰাহে ৭ দিন ধৰি পজিটিভিটী হাৰ ১০ শতাংশৰ তলত আছে।

    আনহাতে যোৱা ২৪ ঘণ্টাত কোৰোণাত মৃত্যু হ'ল ৩,১২৮গৰাকী লোকৰ। দেশত মুঠ মৃত্যুৰ সংখ্যা হ'লগৈ ৩ লাখ ২৯ হাজাৰ ১১ গৰাকী।

    ইয়াৰ মাজতে দেশত ২১ কোটি ৩০ লাখৰ অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে।
    Published by:Manjumoni Borah
    First published: