ধন-সম্পত্তি উইল কৰি যায়, ছচিয়েল মিডিয়া একাউণ্ট, ৱালেট একাউণ্ট, ভিডিঅ' গেম একাউণ্টো উইল কৰে নেকি? ক'ত ঘটিছে এই ঘটনা?

News18 Assam | News18-Assam
Updated:April 13, 2021, 7:48 PM IST
ধন-সম্পত্তি উইল কৰি যায়, ছচিয়েল মিডিয়া একাউণ্ট, ৱালেট একাউণ্ট, ভিডিঅ' গেম একাউণ্টো উইল কৰে নেকি? ক'ত ঘটিছে এই ঘটনা?
কোৰোণৰ পিছত ২০২০ চনত চীনত তিনিগুণৰো অধিক বাঢ়িছে ইচ্ছাপত্ৰ লিখা যুৱকৰ সংখ্যা। ১৭ বছৰীয়া যুৱকেওপঞ্জীয়ন কৰিছে ইচ্ছাপত্ৰ।

কোৰোণৰ পিছত ২০২০ চনত চীনত তিনিগুণৰো অধিক বাঢ়িছে ইচ্ছাপত্ৰ লিখা যুৱকৰ সংখ্যা। ১৭ বছৰীয়া যুৱকেওপঞ্জীয়ন কৰিছে ইচ্ছাপত্ৰ।

  • Share this:
যোৱা এবছৰত কোৰোণাই সমগ্ৰ বিশ্বৰ আৰু মানৱ জাতিৰ জীৱন প্ৰৱাহ সলনি কৰি দিছে। সংক্ৰমণ, লকডাউন আৰু প্ৰতিৰোধৰ যুদ্ধখনৰ সমান্তৰালকৈ কোৰোণাই তল-ওপৰ কৰি পেলালে মানুহৰ মানসিকতাও। প্ৰায় প্ৰতিখন দেশতেই মানৱ সমাজৰ দৈনন্দিন জীৱনত দেখা গৈছে ব্যাপক পৰিৱৰ্তন। কিন্তু চীন দেশত এক আচৰিত পৰিৱৰ্তন আনিছে কোৰোণাই।

চীন দেশত কোৰোণাৰ পিছত অস্বাভাৱিক হাৰত বাঢ়িছে যুৱচামৰ মাজত ইচ্ছাপত্ৰ লিখাৰ আচৰিত প্ৰৱণতা।কোৰোণৰ পিছৰ সময়ত ২০২০ চনত তিনিগুণৰো অধিক বাঢ়িছে ইচ্ছাপত্ৰ লিখা যুৱকৰ সংখ্যা। কোৰোণাই উদ্ভৱ কৰা ৰিস্ক প্ৰতিৰোধ আৰু স্বতন্ত্ৰ হোৱাৰ হেঁপাহৰ বাবেই এই বৃদ্ধি হোৱা বুলি অনুমান কৰা হৈছে।

চীন দেশত ইচ্ছা পত্ৰবোৰ পিতৃ-মাতৃ বা জ্যেষ্ঠসকলৰ এদনীয়া অধিকাৰ হৈ থকা নাই।

চীনৰ ইচ্ছাপত্ৰ পঞ্জীয়ন কেন্দ্ৰই (China Will Registration Center) প্ৰকাশ শ্বেতপত্ৰমতে ২০১৯ চনৰ তুলনাত ২০২০ চনত যুৱসমাজৰ মাজত ইচ্ছআপত্ৰ পঞ্জীয়নৰ হাৰ বহুত বেছি। আনকি ২০০০ চনৰ পিছত জন্ম লাভ কৰা লোকেও কৰিছে ইচ্ছাপত্ৰ। "গ্লোবেল টাইমছ"ৰ এক বাতৰিত প্ৰকাশ পাইছে এই তথ্য।

শ্বেতপত্ৰৰ তথ্যমতে ১৭ বছৰীয়া যুৱকেও চীনত পঞ্জীয়ন কৰিছে ইচ্ছাপত্ৰ। ১৯৮০ চনৰ পিছত জন্ম হোৱা ৫০৩ আৰু ১৯৯০ চনৰ পিছত জন্ম হোৱা ৫৩৩ জনলোকে পঞ্জীয়ন কৰিছে ইচ্ছাপত্ৰ কেন্দ্ৰত।

কোৰোণাৰ লগতে আন কেবাটাও কাৰকে ইয়াৰ আঁৰত ক্ৰিয়া কৰিছে বুলি জনাইছে বিশেষজ্ঞসকলে। চীনত বৰ্দ্ধিত যুৱ কোটিপতি ইয়াৰ এটা কাৰণ বুলি কোৱা হৈছে।

কোৰোণাই মানুহৰ জীৱনলৈ হঠাৎ অনিশ্চয়তা কঢ়িয়াই অনাৰ ফলত এই হাৰ বৃদ্ধি পাব পাৰে। আচৰিত কথাটো হ'ল ধন-সম্পত্তিৰ উইল কৰাই নহয়, ছচিয়েল মিডিয়া একাউণ্ট, ৱালেট একাউণ্ট, ভিডিঅ' গেম একাউণ্ট আদিও উইল কৰিছে ২০ৰ(বিশ) আশে-পাশে থকা যুৱকসকলে।
Published by: Manjumoni Borah
First published: April 13, 2021, 7:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি