মাত্ৰ ২৪ঘন্টাৰ ভিতৰতে ডিব্ৰুগড়ৰ AMCHত ক'ৰোণাত মৃত্যুৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে।শুকুৰবাৰৰ পুৱাৰ পৰা শনিবাৰৰ পুৱালৈকে মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চাৰি গৰাকী ক'ৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হয়।
শনিবাৰে পুৱা মৃত্যু হয় বাবুল মণ্ডল নামৰ এজন লোকৰ।৬১বছৰীয়া বাবুল মণ্ডল ডিব্ৰুগড়ৰ বাক্সিপাৰাৰ নিবাসী আছিল।বিগত ২৩এপ্ৰিলত বাবুল মণ্ডল ভৰ্তি হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত।
ইফালে, শুক্ৰবাৰে নিশা মৃত্যু ৫২বছৰীয়া ডলী গগৈ নামৰ এগৰাকী মহিলাৰ।মৃত ডলী গগৈৰ ঘৰ তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰত।ক'ৰোণাত আক্ৰান্ত মহিলা গৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত।আনহাতে শুক্ৰবাৰে দিনৰ ভাগত মৃত্যু হৈছিল ৪৮বছৰীয়া সীমান্ত বুঢ়াগোহাঁই আৰু ৪৫ বছৰীয়া দীপক চাহু নামৰ দুজন লোকৰো।অৱশ্যে মৃত লোক দুজন মধুমেহ আৰু অন্য ৰোগতো আক্ৰান্ত আছিল বুলি সদৰী কৰিছে অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|