কৰ'ণাৰ বিভীষিকাত দিশহাৰা ৰাণীৰ লগতে দক্ষিণ কামৰূপৰ বেণ্ডপাৰ্টি ৰ দল । হাঁহ নচৰা অৱস্থা ব্ৰেণ্ড পাৰ্টি দলৰ।। চৰকাৰক উপযুক্ত সাহায্যৰ আহ্বান ব্ৰেণ্ড পাৰ্টি দলৰ ।
মহামাৰী কোৰোণাই চৌদিশে বিভীষিকাৰ পৰিবেশ সৃষ্টি কৰাত বিশেষকৈ সম্প্ৰতি দুখীয়া-দৰিদ্ৰ লোকসকলৰ মাজত পানীত হাঁহ নচৰা অৱস্থা হৈছে । মহামাৰীৰ বাবেই ৰাজ্যত অৰ্ধলকডাউনৰ পৰিপেক্ষিতত আনকি বিবাহ আদিও বাতিল কৰিবলগীয়া হোৱাত গ্ৰামাঞ্চলৰ বেণ্ডপাৰ্টিৰ দলসমুহ এক জটিল সন্ধিক্ষণত পৰিছে । পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণী মৈৰাপুৰৰ "বুঢ়াগোসাঁই আশ্ৰিত বেণ্ডপাৰ্টি"ৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে।
বিগত বছৰৰ পৰা এওলোকৰ আৰ্থিক অৱস্থা শচনীয় হৈ পৰিছে। এই সকল শিল্পীৰ পৰিয়ালৈ নামি আহিছে ঘোৰ অমানিশা। ১৯৯৭ চনতেই গঠন হোৱা বুঢ়াগোসাঁই আশ্ৰিত বেণ্ডপাৰ্টি দলটিৰ সম্প্ৰতি আৰ্থিক সংকটত ভুগি দিন-নাযায় ৰাতি নুপুৱায় অৱস্থা হৈছে । মুঠ ১০ গৰাকী সদস্যৰে গঠিত এই বেণ্ডপাৰ্টি দলটিক উপযুক্ত সহায়ৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনায়।
বৃহত্তৰ দক্ষিণ কামৰূপত ২০০ৰো অধিক বেণ্ড পাৰ্টিৰ প্ৰায় ৪০০০ লোক ভূগি আছে আৰ্থিক সংকটত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|