মুখ্যপৃষ্ঠা » খবৰ

» Corona

»বিহাৰত পবিত্ৰ গংগাত ওপঙি আহিছে বহু মৃতদেহ। Covid-19ত আক্রান্ত লোকক মৃত্যুৰ পিছত এনেদৰে নদীত পেলাই দিয়া হৈছে নেকি ?

বিহাৰত পবিত্ৰ গংগাত ওপঙি আহিছে বহু মৃতদেহ। Covid-19ত আক্রান্ত লোকক মৃত্যুৰ পিছত এনেদৰে নদীত পেলাই দিয়া হৈছে নেকি ?

News18 Assam | News18-Assam
Updated:May 10, 2021, 8:11 PM IST
বিহাৰত পবিত্ৰ গংগাত ওপঙি আহিছে বহু মৃতদেহ। Covid-19ত আক্রান্ত লোকক মৃত্যুৰ পিছত এনেদৰে নদীত পেলাই দিয়া হৈছে নেকি ?
বিহাৰৰ বক্সাৰ জিলাৰ সৌচা গাঁৱত ঘটিছে মানৱতাক তাচ্ছিল্য কৰা এক জঘন্য ঘটনা । গাওঁখনৰ গাতে লাগি থকা পবিত্ৰ গংগা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে বহুকেইটা জৰা-জীৰ্ণ মৃতদেহ ।

বিহাৰৰ বক্সাৰ জিলাৰ সৌচা গাঁৱত ঘটিছে মানৱতাক তাচ্ছিল্য কৰা এক জঘন্য ঘটনা । গাওঁখনৰ গাতে লাগি থকা পবিত্ৰ গংগা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে বহুকেইটা জৰা-জীৰ্ণ মৃতদেহ ।

  • Share this:
বিহাৰৰ বক্সাৰ জিলাৰ সৌচা গাঁৱত ঘটিছে মানৱতাক তাচ্ছিল্য কৰা এক জঘন্য ঘটনা । গাওঁখনৰ গাতে লাগি থকা পবিত্ৰ গংগা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে বহুকেইটা জৰা-জীৰ্ণ মৃতদেহ । স্থানীয় ৰাইজে সেই মৃতদেহ সমূহ Covid-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বুলি সন্দেহ কৰিছে । ইতিমধ্যে এই ভয়ানক দৃশ্য বন্দী হৈ থকা এটা ভিডিঅ' Social Mediaত বিয়পি পৰিছে ।

এইখন গাওঁ বক্সাৰৰ জিলা মুখ্য কাৰ্যালয়ৰ পৰা ১০ কিলোমিটাৰ নিলগত আৰু উত্তৰ প্ৰদেশৰে সীমান্তৰে সংলগ্ন । গাওঁৰ ৰাইজে ৰাতিপুৱা মৃতদেহসমূহ প্ৰত্যক্ষ কৰে । স্থানীয় লোকৰ মতে ১০০ৰো অধিক মৃতদেহ উটি আহিছিল । কিন্তু প্ৰশাসনে এই কথা খণ্ডন কৰিছে । স্থানীয় প্ৰশাসনৰ মতে ৪০টা মৃতদেহ উটি আহিছে ।

আনহাতে গাওঁখনত সক্ৰিয় সমাজকৰ্মী অস্বীনি বাৰ্মাই এখন ইংৰাজী দৈনিক কাকতক জনোৱা মতে মৃতদেহ বোৰ Covid-19ত আক্রান্ত লোকৰে হোৱাৰ সম্ভাৱনাই অধিক । অন্তোষ্টিক্ৰিয়াৰ খৰচ অত্যাধিক হোৱাৰ কাৰণে দৰিদ্ৰ লোকে এনেদৰে মৃতদেহ নদীত পেলাই দিছে বুলি ক’ব খোজে সমাজকৰ্মী গৰাকীয়ে । প্ৰত্যক্ষদৰ্শীৰ মতে কুকুৰে মৃতদেহ সমূহ ভক্ষণ কৰিবলৈ আৰম্ভ কৰিছে ।

আনহাতে অঞ্চলটোৰ BDO গৰাকীয়ে সংবাদ মাধ্যমত জনোৱা মতে মৃতদেহ সমূহ উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা হৈছে আৰু ১৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । BDO গৰাকীয়ে ১০০টা মৃতদেহ উটি অহাৰ কথাটো অগ্ৰাহ্য কৰিছে । BDO গৰাকীৰ মতে উত্তৰ প্ৰদেশৰ বহু জিলা গংগা নদীৰ পাৰত অৱস্থিত । তাৰ পৰা মৃতদেহ সমূহ নদীত পেলাই দিয়া হৈছে । কিন্তু তেওঁ মৃতদেহ সমূহ Covid-19ত আক্ৰান্ত লোকৰ হয় নে নহয় সেই কথা নিশ্চিত কৰিব পৰা হোৱা নাই বুলি মন্তব্য কৰে ।

স্থানীয় লোক সকলৰ মতে শ্মশানৰ লোক সকলে শেষকৃত্য সম্পন্ন কৰিবলৈ অত্যাধিক পইচা দাবী কৰাৰ পৰিপ্ৰেক্ষিতত এনে ঘটনা ঘটিছে । তেওঁলোকে উটি অহা মৃতদেহসমূহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ স্থানীয় প্ৰশাসনক দাবী জনায় ।
Published by: Kokil Sarma
First published: May 10, 2021, 8:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি