Covid19 Assam: টেপেছিয়াস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শৈক্ষিক প্ৰতিস্থানৰ ২০ জন ছাত্ৰ ক'ৰোনা পজিটিভ। শিৱসাগৰত বহিৰাজ্যৰ পৰা অহা ৮গৰাকী পজিটিভ।
Covid19 Assam: টেপেছিয়াস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শৈক্ষিক প্ৰতিস্থানৰ ২০ জন ছাত্ৰ ক'ৰোনা পজিটিভ। শিৱসাগৰত বহিৰাজ্যৰ পৰা অহা ৮গৰাকী পজিটিভ।
অসমতো ক'ৰোনাৰ দ্বিতীয় লহৰে ক্ৰমান্বয়ে ত্ৰাসৰ সৃষ্টি কৰিছে । আজি কামৰূপ মহানগৰৰ সোণাপুৰৰ টেপেছিয়াস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শৈক্ষিক প্ৰতিস্থানৰ ২০ জন ছাত্ৰ ক'ৰোনা পজিটিভ হয়। সোণাপুৰ জিলা চিকিৎসালয়ৰ কোভিড পৰীক্ষণ কেন্দ্ৰত আটাইকেইজনৰ ক'ৰোনা পৰীক্ষা কৰোৱা হৈছিল৷
মন কৰিবলগীয়া যে শাৰীৰিক শৈক্ষিক প্ৰতিস্থানখনত সৰ্বমুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী হোষ্টেলত আৱাসী হিচাপে আছে। প্ৰথমে আজি দূপৰীয়া দুজন ছাত্ৰ কোভিড১৯ পজিটিভ পোৱাৰ পিছতে বিয়লি অন্য ২৬ জন ছাত্ৰৰ কোভিড পৰীক্ষা কৰা হৈছিল। দ্বিতীয়বাৰৰ পৰীক্ষাত পুনৰ ১৮ জন ছাত্ৰৰ দেহত ধৰা পৰে ক'ৰোনাৰ ভাইৰাছ ৷
এই ঘটনাই প্ৰতিষ্ঠানখনৰ লগতে সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছে।
ইপিনে শিৱসাগৰতো আজি পুনৰ ৮ গৰাকী লোকৰ দেহত ক'ৰোনাৰ ভাইৰাছ ধৰা পৰে। ইয়াৰে ৪ গৰাকী শিৱসাগৰ চহৰৰ গণকপট্টীৰ, ২ গৰাকী নাজিৰা ONGCৰ আৰু ২ গৰাকী ডিমৌৰ নিবাসী। আটাইকেইগৰাকী অসমৰ বাহিৰৰ পৰা আহিছিল।
আজিৰ সংক্ৰমণৰ পিছত শিৱসাগৰ জিলাত দ্বিতীয় ৱেভত কোভিড পজিটিভৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি হয়।
কোভিড১৯ৰ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিৰ্দেশনা দিয়া হৈছে যদিও বহু লোকে কাৰ্যত পালন কৰা নাই এই নিয়ম । মাস্ক পৰিধান কৰাটো বাধ্যতামূলক যদিও শিৱসাগৰ চহৰত ছাত্ৰ ছাত্ৰী, ব্যৱসায়িকে ধৰি অধিকাংশ লোকৰ মুখত নাই মাস্ক।
এনে পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে শিৱসাগৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক ঘনশ্যাম মহন্তই ।একেসময়তে কোভিড ভেকচিন প্ৰদান খৰতকীয়া কৰিবলৈ শিৱসাগৰ জিলাত ৫০টা চেণ্টাৰ ব্যৱহাৰ কৰা হৈছে বুলিও ঘনশ্যাম মহন্তই সদৰী কৰে।
উল্লেখ্য মঙলবাৰে অসমত ৯২গৰাকী লোকক ক'ৰোনা পজিটিভ পোৱা গৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|