ক’ৰোণাৰ বিৰুদ্ধে যুদ্ধঃমুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকা আগবঢ়ালে ‘ধানু’ৱে

News18 Assam | News18-Assam
Updated:March 29, 2020, 2:47 PM IST
ক’ৰোণাৰ বিৰুদ্ধে যুদ্ধঃমুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকা আগবঢ়ালে ‘ধানু’ৱে
বিধায়কজনে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ যোগে তেঁওৰ বিধায়ক পুৃঁজিৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই ধন আগবঢ়োৱাৰ কথা জনাইছে। 

বিধায়কজনে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ যোগে তেঁওৰ বিধায়ক পুৃঁজিৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই ধন আগবঢ়োৱাৰ কথা জনাইছে। 

  • Share this:
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০লাখ টকা আগবঢ়ালে ধানু অৰ্থাৎ ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নি সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মী সকলোৰে মাজত জনপ্ৰিয় ‘ধানু’ হিচাপে। বহু সময়ত বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ৰূপজ্যোতি কুৰ্মী বিভিন্ন সময়ত সমালোচিত হ'লেও তেঁওৰ কিছু কাম-কাজৰ বাবে সদায় ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

সাম্প্ৰতিক সময়ত সমগ্ৰ দেশতে ক’ৰোণাৰ সংহাৰ। ক'ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ বহুজনে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন। সেই সময়তে মৰিয়নি সমষ্টিৰ তিনিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও দেখুৱালে নিজৰ মহানুভৱতা। ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পুঁজিৰ পৰা সমষ্টিবাসীৰ লগতে অসমৰ ৰাইজৰ স্বাস্থ্যসেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ৫০লাখ টকা।

বিধায়কজনে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ যোগে তেঁওৰ বিধায়ক পুৃঁজিৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই ধন আগবঢ়োৱাৰ কথা জনাইছে।
Published by: Himangshu Bhuyan
First published: March 29, 2020, 2:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি