Covid-19 ত আক্ৰান্ত হোৱা নাই যোৰহাটৰ শিশুটি, লাহোৱালৰ পৰীক্ষাগাৰত নিশ্চিত হ'ল তথ্য

News18 Assam | News18-Assam
Updated:March 22, 2020, 8:28 AM IST
Covid-19 ত আক্ৰান্ত হোৱা নাই যোৰহাটৰ শিশুটি, লাহোৱালৰ পৰীক্ষাগাৰত নিশ্চিত হ'ল তথ্য
যোৰহাটৰ পুলিবৰৰ এটি চাৰে চাৰি বছৰীয়া কন্যা শিশু কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল।

যোৰহাটৰ পুলিবৰৰ এটি চাৰে চাৰি বছৰীয়া কন্যা শিশু কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল।

  • Share this:
ভাল খবৰ। Covid-19 ত আক্ৰান্ত হোৱা নাই যোৰহাটৰ শিশুটি। ডিব্ৰুগড়ৰ ICMRত কৰা দ্বিতীয়টো পৰীক্ষাত ৰিপৰ্ট আহিল নিগেটিভ।

শনিবাৰে যোৰহাটৰ পুলিবৰৰ এটি চাৰে চাৰি বছৰীয়া কন্যা শিশু কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছিল। যোৰহাট মেডিকেল কলেজ হাস্পতালত প্ৰাৰম্ভিক পৰীক্ষাত শিশুটি ক’ৰোণা পজিটিভ ওলোৱাৰ কথা নিশ্চিত কৰিছিল যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা উপায়ুক্ত ৰৌশনী অপাৰঞ্জী ক’ৰাটিয়ে।পিছত শিশুটিৰ তেজৰ নমুনা লাহোৱালস্থিত  ICMRলৈ পঠিওৱা হয় আৰু পৰীক্ষাৰ অন্তত ক’ৰোণাত আক্ৰান্ত নোহোৱা প্ৰমাণিত হয়।



 

উল্লেখযোগ্য যে, JMCH ত ক’ৰোণা ভাইৰাছৰ পজিটিভ ফলাফল ওলাইছিল স্ক্ৰিনিঙ টেষ্টৰ ফলাফলত। ই-জিনৰ পৰীক্ষাৰ ফলাফলত পোহৰলৈ আহিছে এই তথ্য । কিন্তু এয়া COVID 19 ৰ ক’ৰোণা ভাইৰাছ হয়নে নহয় সেয়া এতিয়াও নিশ্চিত হোৱা নাছিল । যিহেতু কেইবা প্ৰকাৰৰ কোৰোণা ভাইৰাছ আছে গতিকে এয়া COVID 19 ৰ কোৰোণা ভাইৰাছ হয়নে নহয় সেয়া নিশ্চিত হবৰ বাবে ৰোগীৰ নমুনা ডিব্ৰুগড়ৰ লাহোৱাল স্থিত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।এতিয়া  লাহোৱালৰ পৰীক্ষাগাৰে নিশ্চিত কৰিছে যে, শিশুটিৰ দেহত ধৰা পৰা নাই COVID 19 ।


একমাত্ৰ News18-এ বিশেষজ্ঞৰ মন্তব্য উল্লেখ কৰি কৈছিল যে, কোৰোণা আক্ৰান্ত মানেই Covid-19 নহ'বও পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি