ক'ৰোনাৰ অনিয়ন্ত্ৰিত গতি, কৰ্ণাটকত ১০ ৰ পৰা ২৪ মে'লৈ সম্পূৰ্ণ লকডাউন ঘোষণা

News18 Assam | News18-Assam
Updated:May 7, 2021, 11:07 PM IST
ক'ৰোনাৰ অনিয়ন্ত্ৰিত গতি, কৰ্ণাটকত ১০ ৰ পৰা ২৪ মে'লৈ সম্পূৰ্ণ লকডাউন ঘোষণা
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই কয় যে ১০ ৰ পৰা ২৪ মে'লৈ ৰাজ্যখনত সম্পূৰ্ণ লকডাউন হ'ব। এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হ'ব।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই কয় যে ১০ ৰ পৰা ২৪ মে'লৈ ৰাজ্যখনত সম্পূৰ্ণ লকডাউন হ'ব। এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হ'ব।

  • Share this:
ৰাজস্থানৰ পিছত, কৰ্ণাটকত ক'ৰোনাৰ ক্ৰমান্বয়ে বাঢ়ি অহা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। এই কথা ঘোষণা কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই কয় যে ১০ ৰ পৰা ২৪ মে'লৈ ৰাজ্যখনত সম্পূৰ্ণ লকডাউন হ'ব। এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হ'ব। পূৰ্বে ১০ৰ পৰা-২৪ মে'লৈ ৰাজস্থানত সম্পূৰ্ণ লকডাউন জাৰি কৰা হৈছিল।

শুকুৰবাৰে ৰাজ্যিক বিষয়াসকলক সাক্ষাৎ কৰাৰ পিছত, য়েদিয়ুৰাপ্পাই কৈছিল যে ৰাজ্যখনত বৰ্ধিত ক'ৰোনা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্ফিউ জাৰি কৰা হৈছিল, যদিও ই সফল হোৱা নাছিল। যাৰ বাবে ৰাজ্য চৰকাৰে ১০ মে'ৰ পুৱা ৬ বজাৰ পৰা ২৪ মে'ৰ পুৱা ৬ বজালৈ সম্পূৰ্ণ লকডাউন আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কয় যে সম্পূৰ্ণ লকডাউনৰ সময়ত ৰাজ্যখনৰ ৰেষ্টুৰেণ্ট, মাংস আৰু পাচলিৰ দোকান পুৱা ৬ বজাৰ পৰা পুৱা ১০ বজালৈ খোলা থাকিব।
Published by: Kokil Sarma
First published: May 7, 2021, 11:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি