কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব। সোমবাৰৰ পৰাই কাৰ্যকৰী হ'ব এই নিৰ্দেশ।
কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব। সোমবাৰৰ পৰাই কাৰ্যকৰী হ'ব এই নিৰ্দেশ।
প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান। ১০০তকৈ অধিক সক্ৰিয় কোৰোণা ৰোগী থকা জিলাসমূহত পাঠদান থাকিব বন্ধ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। কাইলৈৰ পৰাই এই নিৰ্দেশ কাৰ্যকৰী হ'ব যদিও কাইলৈ দেওবাৰ হোৱা বাবে প্ৰকৃততে সোমবাৰৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশ।
সেই অনুসৰি কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব।
এই আঠোখন জিলাত আজিৰ তাৰিখত ১০০ তকৈ অধিক সক্ৰিয় কোৰোণা ৰোগী আছে।
সংশ্লিষ্ট জিলা উপায়ুক্তসকলে নিজ নিজ জিলাত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিব।
অন্য জিলাৰ জিলা উপায়ুক্তসকলেও কোৰোণা পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি সক্ৰিয় ৰোগীৰ সংখ্যা ১০০ পাৰ হ'লে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিব পাৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|