মুখ্যপৃষ্ঠা »খবৰ »Corona »চীনত ক'ৰোনাৰ ভয়ংকৰ সংক্ৰমণ, প্ৰতি দিনে ১০ লাখ নতুন ক'ৰোনা ৰোগী, মৃত্যুৰ সংখ্যা প্ৰকাশ কৰাতো কঠিন

চীনত ক'ৰোনাৰ ভয়ংকৰ সংক্ৰমণ, প্ৰতি দিনে ১০ লাখ নতুন ক'ৰোনা ৰোগী, মৃত্যুৰ সংখ্যা প্ৰকাশ কৰাতো কঠিন

চীনত ক'ৰোনাৰ ভয়ংকৰ সংক্ৰমণ, প্ৰতি দিনে ১০ লাখ নতুন ক'ৰোনা ৰোগী

চীনত ক'ৰোনাৰ ভয়ংকৰ সংক্ৰমণ, প্ৰতি দিনে ১০ লাখ নতুন ক'ৰোনা ৰোগী

বৰ্তমান চীনত ক'ৰোনা আক্ৰান্তৰ ঢৌ ইমানেই দ্ৰুত যে অহা মাহৰ ভিতৰত ৩৭ লাখ নতুনকৈ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে আৰু মাৰ্চ মাহৰ ভিতৰত ৪২ লাখলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

  • Share this:
চীনত দেখা গৈছে কৰ’নাৰ বিধ্বংসী ৰূপ। প্ৰতিদিনে চীনত ১০ লাখ কৰ’না আক্ৰান্তৰ খবৰ পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা গণনা কৰাটো কঠিন হৈ পৰিছে। লণ্ডনৰ এটা বিশ্লেষণ প্ৰতিষ্ঠানৰ শেহতীয়া গৱেষণাৰ উদ্ধৃতি দি সংবাদ সংস্থা ব্লুমবাৰ্গে বৃহস্পতিবাৰে কয় যে বিশ্বৰ সম্ভৱতঃ সৰ্ববৃহৎ ক’ৰোনা প্ৰাদুৰ্ভাৱ চীনত বিয়পি পৰিছে আৰু চীনে ইয়াক ৰোধ কৰিবলৈ যুঁজি আছে। ইয়াত প্ৰতি ২৪ ঘণ্টাৰ মূৰে মূৰে ১ লাখ কোভিড-১৯ আক্ৰান্ত আৰু ৫,০০০ লোকৰ মৃত্যুৰ পৰিসংখ্যা পঞ্জীয়ন কৰিব পৰা যাব।

এয়াৰফিনিটি লিমিটেডৰ মতে, ছি জিনপিং চৰকাৰে ক’ভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ সংকীৰ্ণ সংজ্ঞা গ্ৰহণ কৰিছে, যাৰ বাবে মৃতক গণনা কৰাটো কঠিন হৈ পৰিছে। চৰকাৰে ক'ৰোনা সুৰক্ষাৰ ক্ষেত্ৰত শূন্য সহনশীলতা ঘোষণা কৰিছিল যদিও এতিয়া ক’ৰোনাৰ গতি অনিয়ন্ত্ৰিত হৈ পৰিছে। কোভিড প্ৰট’কল শেষ কৰিবলৈ চীনে জোৰ দিয়াৰ ফলত ক’ৰোনাৰ গতি ত্বৰান্বিত হৈছে, যিটো ওমাইক্ৰন চাবভেৰিয়েণ্ট বিএফ.৭ৰ উত্থানে প্ৰকাশ কৰিছে। বৰ্তমান চীনত ক'ৰোনা আক্ৰান্তৰ ঢৌ ইমানেই দ্ৰুত যে অহা মাহৰ ভিতৰত ৩৭ লাখ নতুনকৈ আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে আৰু মাৰ্চ মাহৰ ভিতৰত ৪২ লাখলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

কাঠগড়াত চীন চৰকাৰ, নিষেধাজ্ঞাত শিথিলতাই বৃদ্ধি কৰিলে সমস্যা
এয়াৰফিনিটি লিমিটেডৰ তথ্য প্ৰকাশৰ পিছত চীন চৰকাৰ কাঠগড়াত আছে। ইয়াৰ পূৰ্বে চীন চৰকাৰে অতি কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি শূন্য সহনশীলতাৰ নাম ৰাখিছিল যদিও পিছত এই নিষেধাজ্ঞাত কিছু শিথিলতা দিছিল। এই সন্দৰ্ভত আমেৰিকাৰ মহামাৰী বিজ্ঞানী এৰিক ফেইগেল-ডিঙে এই সপ্তাহত কয় যে চীন চৰকাৰে নিষেধাজ্ঞাৰ ক্ষেত্ৰত এনেধৰণৰ ৰেহাই দিছে যে "এনে লাগে যেন সংক্ৰমিত হ’ব বিচৰাসকলে সংক্ৰমিত হোৱাটো বিচাৰে আৰু মৃত্যুবৰণ বিচৰাসকলে মৃত্যুবৰণ কৰিব লাগে।" ধৰণৰ নীতি মানি চলিছে। ইয়াত চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ ৱু জুনিউৱেও সকীয়াই দিছিল যে চীনত দৈনিক ১০ লাখ ক’ৰোনা আক্ৰান্ত হ’ব পাৰে, এতিয়া লণ্ডনৰ বিশ্লেষণ প্ৰতিষ্ঠানেও একেটা কথাই নিজৰ গৱেষণাত কৈছে।

ভাৰতবৰ্ষ চিন্তিত হোৱা উচিত নেকি?
বুধবাৰে ভাৰতত নতুন BF.7 ভেৰিয়েন্টৰ প্ৰথমজন ৰোগী ধৰা পৰে। ইয়াৰে ৩ জন গুজৰাটৰ আৰু ১ জন ওড়িশাৰ পৰা পোৱা গৈছে। চাৰিওজনকে আছুতীয়া কৰি চিকিৎসা কৰি সংক্ৰমণৰ পৰা মুক্তি লাভ কৰা বুলি চৰকাৰে জানিবলৈ দিছে।

শেহতীয়া বাতৰি