সমগ্ৰ বিশ্বতে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে মাৰাত্মক ক’ৰোণা ভাইৰাছে। ক’ৰোণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে অন্য এক বিপদ। নাটনি হৈছে প্ৰয়োজনীয় ঔষধৰ।
চীনৰ ঔষধ কোম্পানীয়ে যোগান ধৰিব পৰা নাই প্ৰয়োজনীয় এণ্টিবায়টিক আৰু ভিটামিন। দেশখনত ক’ৰোণা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত কেইবাসপ্তাহ ধৰি বন্ধ হৈ আছে ঔষধ কোম্পানী সমূহ। যদিও কিছু সংখ্যক প্ৰতিষ্ঠান আকৌ আৰম্ভ কৰা হৈছে, সেয়া হোৱা নাই পৰ্যাপ্ত।
চীনত হোৱা এণ্টিবায়টিক আৰু ভিটামিনৰ নাটনিৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে ভাৰতবৰ্ষ। মঙলবাৰলৈকে চীনৰ বহু কেইটা বৃহৎ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানে ভাৰতলৈ ২৬ বিধ ঔষধৰ ৰপ্তানী বন্ধ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|