আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজনৰ কোৰোণাত মৃত্যু, দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল

News18 Assam | News18-Assam
Updated:May 7, 2021, 5:06 PM IST
আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজনৰ কোৰোণাত মৃত্যু, দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল
CREATOR: gd-jpeg v1.0 (using IJG JPEG v80), quality = 85

অপহৰণ, হত্যা, চোৰাং ব্যৱসায়কে ধৰি ৭০টাতকৈও অধিক গোচৰত অভিযুক্ত আছিল ছোটা ৰাজন

  • Share this:

কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত আণ্ডাৰৱৰ্ল্ড ডন ৰাজেন্দ্ৰ নিখলজে ওৰফে ছোটা ৰাজনৰ মৃত্যু হৈছে। জানিব পৰা মতে, কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত ছোটা ৰাজনক দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল।


৬১ বছৰীয়া ৰাজনক ২০১৫ চনত ইণ্ডোনেছিয়াৰ বালিৰ পৰা প্ৰত্যাৰ্পণৰ পিছত গ্ৰেপ্তাৰ কৰি তিহাৰ কাৰাগাৰত ৰখা হৈছিল। তিহাৰ কাৰাগাৰ প্ৰশাসনে যোৱা সোমবাৰে দিল্লীৰ এখন সত্ৰ আদালতক ছোটা ৰাজন কোভিড সংক্ৰমিত হৈছে বুলি উল্লেখ কৰিছিল।


এপ্ৰিলৰ শেষ সপ্তাহত কোভিডত সংক্ৰমিত অৱস্থাত ছোটা ৰাজনক দিল্লীৰ এইমছত ভৰ্তি কৰোৱাৰ পিছত আজি কুখ্যাত অপৰাধীজনে মৃত্যুবৰণ কৰে। উল্লেখ্য, ছোটা ৰাজনৰ বিৰুদ্ধে অপহৰণ, হত্যা, চোৰাং ব্যৱসায়কে ধৰি ৭০টাতকৈও অধিক গোচৰ ৰুজু কৰা হৈছিল।

Published by: Gautam Barman
First published: May 7, 2021, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি