কোৰোণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰসমূহক অতিৰিক্ত সুবিধা উপলব্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

News18 Assam | News18-Assam
Updated:March 24, 2020, 4:06 PM IST
কোৰোণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰসমূহক অতিৰিক্ত সুবিধা উপলব্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ
কোৰোণাত আক্ৰান্ত হৈ এইপৰ্যন্ত ১০জন লোকৰ মৃত্যু হৈছে ভাৰতত।

কোৰোণাত আক্ৰান্ত হৈ এইপৰ্যন্ত ১০জন লোকৰ মৃত্যু হৈছে ভাৰতত।

  • Share this:
বিশ্বত্ৰাস কোৰোণা ভাইৰাছক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক ক’ভিড-১৯ৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ অতিৰিক্ত চিকিৎসা সুবিধা যেনে চিকিৎসালয়, ক্লিনিকেল লেব, আছুতীয়া কক্ষ, বিদ্যমান সুবিধাৰ প্ৰসাৰণ অথবা উত্তৰণৰ বাবে বিত্তীয় সুবিধা আবণ্টিত কৰিবলৈ নিৰ্দেশ দিছে৷

এই সুবিধাসমূহত ভেণ্টিলেটৰ, ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি (পিপিই), মাস্ক আৰু ৰোগীৰ চিকিৎসাৰ বাবে ঔষধসমূহ অন্তৰ্ভুক্ত থকাটো প্ৰয়োজন৷ উল্লেখযোগ্য যে ক্ৰমাৎ ভাৰততো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে। কোৰোণাত আক্ৰান্ত হৈ এইপৰ্যন্ত ১০জন লোকৰ মৃত্যু হৈছে ভাৰতত।
আৰু চাওক
পৰৱৰ্তী বাতৰি