কোৰোণা ভাইৰাছৰ চিকাৰ হ’ল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী, আক্ৰান্ত স্পেইনৰ মন্ত্ৰীও

News18 Assam | News18-Assam
Updated:March 13, 2020, 10:18 AM IST
কোৰোণা ভাইৰাছৰ চিকাৰ হ’ল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী, আক্ৰান্ত স্পেইনৰ মন্ত্ৰীও
স্পেইনৰ এগৰাকী মন্ত্ৰীৰ দেহতো ধৰা পৰিছে মাৰাত্মক কোৰোনা ভাইৰাছ।

স্পেইনৰ এগৰাকী মন্ত্ৰীৰ দেহতো ধৰা পৰিছে মাৰাত্মক কোৰোনা ভাইৰাছ।

  • Share this:
কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী ছফি গ্ৰেগয়াৰ ট্ৰুড’। এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতেই জাষ্টিন ট্ৰুড’ৰ পত্নীক আইছ’লেচন ৱাৰ্ডত ৰাখি চিকিত্‍সা প্ৰদান কৰি থকা হৈছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিযোগে জনাইছে এই তথ্য।

চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীগৰাকীৰ পত্নীৰ দেহত কোৰোনাৰ সাধাৰণ লক্ষণ দেখা যোৱাৰ পিছতে চিকিৎসাধীন কৰোৱা হয়। অৱশ্যে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ দেহত নাই কোৰোনাৰ কোনো লক্ষণ। তথাপি ১৪ দিনৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীও থাকিব আইছ’লেচন কক্ষত।

কানাডাৰ এন ডি পি নেতা জগমিত সিঙেও কিছু অসুস্থ অনুভৱ কৰাৰ বাবে ঘৰৰ পৰাই চলাইছে কাম কাজ। সিঙক জনসাধাৰণৰ সৈতে সম্পৰ্ক সীমিত কৰাৰ পৰাৰ্মশ দিছে চিকিত্‍সকে।

আনহাতে, স্পেইনৰ এগৰাকী মন্ত্ৰীৰ দেহতো ধৰা পৰিছে মাৰাত্মক কোৰোনা ভাইৰাছ। মন্ত্ৰী আইৰিন মণ্টেৰ'ৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতেই পৃথকে ৰখা হৈছে মন্ত্ৰীগৰাকীক। স্পেইনৰ চৰকাৰী বিবৃতিত কোৱা হৈছে যে, পৰিস্থিতিলৈ লক্ষ্য ৰাখি উপ প্ৰধানমন্ত্ৰী পেব্ল' ইগলেছিয়াছকো পৃথকৈ ৰখা হৈছে। কোৰোণা ভাইৰাছক সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে শীঘ্ৰেই অনুষ্ঠিত হ'ব কেবিনেটৰ বিশেষ বৈঠক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading