বড়োলেণ্ডৰ লোকৰ শৰীৰলৈ সংক্ৰমিত নহয় নেকি ক’ৰোণা ভাইৰাছ?

News18 Assam | News18-Assam
Updated:March 19, 2020, 10:48 PM IST
বড়োলেণ্ডৰ লোকৰ শৰীৰলৈ সংক্ৰমিত নহয় নেকি ক’ৰোণা ভাইৰাছ?
অহা ৪ এপ্ৰিলত বড়োলেণ্ডত পৰিষদীয় নিৰ্বাচন

অহা ৪ এপ্ৰিলত বড়োলেণ্ডত পৰিষদীয় নিৰ্বাচন

  • Share this:
অহা ৪ এপ্ৰিলত বড়োলেণ্ডত পৰিষদীয় নিৰ্বাচন। ক’ৰোণাৰ আতংকই ম্লান কৰিব পৰা নাই নিৰ্বাচনী প্ৰচাৰ । বড়োলেণ্ডৰ বিভিন্ন স্থানৰ পৰা গৈ নিৰ্বাচনী প্ৰচাৰ সভা সমূহত গোট খাইছে হাজাৰ হাজাৰ লোক। লোকসকলৰ ক’ৰোণা ভাইৰাছৰ সন্দৰ্ভত নাই কোনো সজাগতা তথা সম্যক জ্ঞান । দুৰ্ভাগ্যজনক ভাৱে বড়োলেণ্ড ৰাজনৈতিক নেতা সকলেও আনকি এই ক্ষেত্ৰত দিছে চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় ।

একালৰ ছাত্ৰ নেতা উচ্চ শিক্ষিত প্ৰমোদ বড়োৱে সংবাদ মাধ্যমত জনোৱা মতে, ‘যেতিয়া লৈকে নিৰ্বাচন আয়োগে কোনো সিদ্ধান্ত নলয় তেতিয়ালৈকে নিৰ্বাচন হ’ব বুলিয়ে ধৰিব লাগিব । আমালৈ কোনো নিয়মাৱলী অহা নাই। এই মন্তব্য বড়োৰ।’

বড়ো UPPLৰ পৰা তামোলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী হ’ল প্ৰমোদ বড়ো । তেওঁ সাধাৰণ লোকৰ জীৱন বিপন্ন কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে সচেতেন মহলে ।

অসম চৰকাৰৰ মন্ত্ৰী আৰু বিপিএফৰ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ মতে, নিৰ্বাচনী প্ৰচাৰত বাহিৰৰ মানুহ জড়িত নহয়; গতিকে ভীতিগ্ৰস্ত হোৱাৰ কাৰণ নাই । কিন্তু যোৱা ১৬ মার্চত নগাঁৱৰ এজন যুৱকক কেৰালাত ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰি আছুতীয়াকৈ ৰখা হৈছিল । কিন্তু যুৱকজনে পলায়ন কৰাৰ পিছত  ১৯ মাৰ্চত তেওঁক পোৱা গ’ল বঙাইগাঁৱত । এনে ঘটনা প্ৰমিলা ৰাণী ব্ৰহ্মৰ যুক্তিৰ যেন প্ৰত্যুত্তৰ!

উল্লেখযোগ্য যে, BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়েও সংবাদ মাধ্যমত অঞ্চলটোত ক’ৰোণাৰ ভয়াৱহতা খণ্ডন কৰিছে। স্বভাৱসুলভ ভাৱে অতি তৰল মন্তব্য কৰি তেওঁ কয় – ক’ৰোণাই একো হানি কৰিব নোৱাৰে বড়োলেণ্ডত ।

জেষ্ঠ সাংবাদিকক কল্লোল ভৌমিকৰ মতে, ‘ক’ৰোণা ভাইৰাছ, কংগ্ৰেছ বা আন প্রতিদ্বন্দী ৰাজনৈতিক দল নহয় যাৰ পৰা মহিলাৰীৰ একো ক্ষতি নহয়; তেওঁ বুজা উচিত যে পৰ্বতসম ধনৰেও এই বীজাণুৰ পৰা এতিয়ালৈকে পৰিত্ৰাণ পাব পৰা হোৱা নাই।’

বড়োলেণ্ডৰ পৰিৱৰ্তে এতিয়া গুৱাহাটী মহানগৰীত সকলো বন্ধ । স্বয়ং মুখ্যমন্ত্ৰীয়ে টিভিৰ যোগেদি ৰাইজক হাত ধুই দেখুৱাইছে। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই জনতা ভৱনৰ সন্মুখত গোট খোৱা লোকক ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ এক প্ৰকাৰৰ মৌখিক নিৰ্দেশ প্ৰদান কৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে স্বীকাৰ কৰিছে অসমত যদি আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যাই ৫০০০ৰ ঘৰ স্পৰ্শ কৰে তেন্তে ৰাজ্যৰ চিকিৎসা ব্যৱস্থা অচল হৈ পৰিব ।

আনহাতে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচন পিছুৱাই দিয়াৰ বিষয়টো ঠেলিছে ৰাজ্যপালৰ কাৰ্যালয়লৈ। কিন্তু ৰাজ্যপাল জগদীশ মুখীয়ে এই পর্যন্ত একো সিদ্ধান্ত গ্ৰহণ কৰা নাই ।
Published by: Himangshu Bhuyan
First published: March 19, 2020, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading