উত্তৰ প্ৰদেশ চৰকাৰৰ ক’ভিড সম্পৰ্কীয় পদক্ষেপত বৃটিছ হাই কমিশ্যনাৰ মুগ্ধ
বৃটিছ ৰাজদূতে নাৰী সৱলীকৰণ আৰু স্থানীয় শিল্পী, কাৰিকৰৰ প্ৰচাৰৰ ক্ষেত্ৰত যোগী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰি স্বাস্থ্য, শিক্ষা, প্ৰতিৰক্ষা, পৰিৱেশ আৰু অন্যান্য ক্ষেত্ৰত বিনিয়োগৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।
বৃটিছ ৰাজদূতে নাৰী সৱলীকৰণ আৰু স্থানীয় শিল্পী, কাৰিকৰৰ প্ৰচাৰৰ ক্ষেত্ৰত যোগী চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰি স্বাস্থ্য, শিক্ষা, প্ৰতিৰক্ষা, পৰিৱেশ আৰু অন্যান্য ক্ষেত্ৰত বিনিয়োগৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।
- News18 Assam
- Last Updated: September 2, 2021, 1:51 PM IST
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক অতিমাৰী নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকৰ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে সাত কোটি ভেকছিনৰ ছিটা প্ৰদান কৰিছে আৰু ছয় কোটি কোভিড পৰীক্ষা সম্পন্ন কৰিছে, যিটো দেশৰ ভিতৰতে সৰ্বোচ্চ।
ক’ভিডৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰে লোৱা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কৰা বৰ্ণনাত বৃটিছ উচ্চায়ুক্তগৰাকী সন্তুষ্ট হয়।
তেওঁ মুখ্যমন্ত্ৰী যোগীক কয় যে উত্তৰ প্ৰদেশত যুক্তৰাজ্যলৈ বস্ত্ৰ আৰু চামৰাৰ সামগ্ৰী ৰপ্তানি কৰাৰ অপৰিসীম সম্ভাৱনা আছে। স্মৰ্তব্য যে কেইটামান বৃটিছ কোম্পানীয়ে ইতিমধ্যে উত্তৰ প্ৰদেশত বিনিয়োগ কৰিছে আৰু তেওঁলোক ৰাজ্যখনত অধিক সম্প্ৰসাৰণ কৰাত আগ্ৰহী। তেওঁ লগতে উল্লেখ কৰে যে দুয়োখন দেশে কৰ’নাকালত মাস্ক তথা অন্যান্য স্বাস্থ্য সঁজুলি নিৰ্মাণ কৰিবৰ বাবে একত্ৰে কাম কৰিছিল।
বৃটিছ ৰাজদূতগৰাকীয়ে কয় যে, দুয়োখন দেশে যুক্তৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ সহযোগিতাৰে শিক্ষা খণ্ডত পাঠ্যক্ৰম, শিক্ষাবিজ্ঞান আৰু অন্যান্য দিশত উন্নতি সাধন কৰিব পাৰে। শিক্ষা খণ্ডত পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ ইতিমধ্যে সক্ৰিয় হোৱাৰ বাবে তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
দিনটো জোৰা ভ্ৰমণকালত, এলিছে গ্ৰীণৱেৰ প্ৰাইভেট লিমিটেডৰ চৌহদো পৰিদৰ্শন কৰে, যি পৰিৱেশ ৰক্ষাৰ্থে খাদী বস্ত্ৰ উৎপাদনত নিয়োজিত হৈ আছে। বৃটিছ হাই কমিশ্যনাৰগৰাকী খাদী কাপোৰ ব’ব পৰা সৌৰশক্তি চালিত যঁতৰকেইটাৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হয়। তেওঁ জানিব খোজে, তেওঁৰ দেশতো সেউজ উৎপাদনৰ বাবে স্থানীয় লোকৰ মাজত এই সৌৰশক্তি চালিত যঁতৰৰ ব্যৱহাৰৰ প্ৰচাৰ কৰিব পৰা যাবনে?












