মুখ্যপৃষ্ঠা »খবৰ »Corona »Long Covid 19 : ৪৩ বাৰ আক্ৰান্ত হ’ল কোৰোণাত, অতীষ্ঠ হৈ ৰোগীয়ে ক’লে - মোক মৰিবলৈ নিদিয়া কিয়!

Long Covid 19 : ৪৩ বাৰ আক্ৰান্ত হ’ল কোৰোণাত, অতীষ্ঠ হৈ ৰোগীয়ে ক’লে - মোক মৰিবলৈ নিদিয়া কিয়!

এণ্টি-ভাইৰেল (Anti-viral) ঔষধৰ মিশ্ৰণেৰে স্মীথৰ চিকিৎসা কৰি আছে ডাক্টৰে। লং কোভিড ((Long Covid) বা দীৰ্ঘকালীন কোৰোণাlত আক্ৰান্ত ডেভ স্মীথ।

এণ্টি-ভাইৰেল (Anti-viral) ঔষধৰ মিশ্ৰণেৰে স্মীথৰ চিকিৎসা কৰি আছে ডাক্টৰে। লং কোভিড ((Long Covid) বা দীৰ্ঘকালীন কোৰোণাlত আক্ৰান্ত ডেভ স্মীথ।

এণ্টি-ভাইৰেল (Anti-viral) ঔষধৰ মিশ্ৰণেৰে স্মীথৰ চিকিৎসা কৰি আছে ডাক্টৰে। লং কোভিড ((Long Covid) বা দীৰ্ঘকালীন কোৰোণাlত আক্ৰান্ত ডেভ স্মীথ।

  • Share this:
কোৰোণা মহামাৰী (Covid Pandmic)য়ে নিতৌ নতুন আতংকৰ সৃষ্টি কৰি আহিছে। কোৰণাৰ শেহতীয়া এক আতংক হৈছে লং কোভিড ((Long Covid) বা দীৰ্ঘকালীন কোৰোণা। এই নতুন সমস্যাক লৈ হায়ৰাণ হৈ পৰিছে চিকিৎসক সকলো। শেহতীয়াকৈ এজন ৰোগীৰ দেহত ৪৩ বাৰ কোৰোণা ভাইৰাছ ধৰা পৰা ঘটনাই বিমোৰত পেলাইছে চিকিৎসকক।

এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে লণ্ডন (London)ত। ৭২ বছৰীয়া এজন বৃদ্ধ বিগত ১০ মাহ ধৰি আক্ৰান্ত হৈ আছে কোৰোণাত। এতিয়ালৈ তেওঁৰ ৪৩ বাৰ কোৰোণা পজিটিভ ৰিপৰ্ট আহিছে। বৃটেইন (Britain)ত লং কোভিডৰ এইটো হৈছে প্ৰথম ঘটনা।

বিবিচি (BBC)ৰ বাতৰি মতে লং কোভিডত আক্ৰান্ত এই লোক জন ব্ৰিষ্টল (Bristle) চহৰৰ ডেভ স্মীথ। কোৰোণাত সংক্ৰমিত হোৱাৰ পাছত তেওঁ সাতবাৰ বেলেগ বেলেগ হাস্পতালত ভৰ্তি হ’ব লগা হৈছে। বিবিচিক স্মীথে কয়, "মোৰ শক্তি একেবাৰেই কমি গৈছে। এদিন ৰাতি ঘৰত মোৰ একেৰাহে ৫ ঘণ্টামান কাহ আহিছিল। মই সকলো আশা বাদ দিছিলোঁ। মই পৰিয়ালৰ লোকসকলক কৈছিলোঁ যে মোৰ আশা এৰি দিয়া, মোক হাস্পতাল নিব নালাগে।" সেইদিনা পৰিয়ালৰ সকলোকে অন্তিম বিদায় জনাইছিল স্মীথে। তেওঁৰ পত্নী লীনে কোৱা মতে বহুবাৰ তেওঁলোকেও আশা এৰি দিছিল।

এণ্টি-ভাইৰেল (Anti-viral) ঔষধৰ মিশ্ৰণেৰে স্মীথৰ চিকিৎসা কৰি আছে ডাক্টৰে। শেহতীয়াকৈ স্মীথৰ ৪৪ নম্বৰ পৰীক্ষাত ৰিপ'ৰ্ট নিগেটিভ আহে। তাৰ এসপ্তাহ পাছতো স্মীথৰ নিগেটিভ ৰিপ'ৰ্ট আহিছে। ডাক্টৰৰ মতে অতি সোনকালে ডেভ স্মীথ ঘৰলৈ উভতিব পাৰিব।

শেহতীয়া বাতৰি