বলীউদত নিৰ্মাণ হ’ব ক’ৰোণা ভাইৰাছক লৈ ছবি; নাম ‘ক’ৰোণা প্যাৰ হে’

ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ বলীউদৰ ছবি পৰিচালক সাজু হৈছে ক’ৰোণা ভাইৰাছৰ ওচৰত ছবি নিৰ্মাণ কৰিবলৈ
ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ বলীউদৰ ছবি পৰিচালক সাজু হৈছে ক’ৰোণা ভাইৰাছৰ ওচৰত ছবি নিৰ্মাণ কৰিবলৈ
- News18 Assam
- Last Updated: March 16, 2020, 8:37 PM IST
‘Indian Motion Picture Producers Association’ত প্ৰতিষ্ঠানটোৱে পঞ্জীয়ন কৰা নামটো হৈছে “ক’ৰোণা প্যাৰ হে।“ প্ৰতিষ্ঠানটোত কৰ্মৰত এজন বিষয়াৰ মতে ইতিমধ্যে কাহিনী, চিত্ৰনাট্যৰ কাম আৰম্ভ হৈছে । ক’ৰোণা ভাইৰাছৰ আতংক শেষ হোৱাৰ পাছতে আৰম্ভ হ’ব ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম । অৱশ্যে চলচিত্ৰখনৰ মুখ্য চৰিত্ৰত কোনে অভিনয় কৰিব সেয়া এতিয়ালৈকে ঠিক কৰা নাই ছবি নিৰ্মাণ প্ৰতিষ্ঠানটোৱে। ক'ৰোণা ভাইৰাছৰ আতংকৰ পটভূমিত এটা প্ৰেম কাহিনী উপস্থাপন কৰা হ’ব ছবিখনত।
নিৰ্মাণ হ’ব ‘Deadly Corona’ নামৰ আন এখন ছবি । এই নামৰো আৱেদন লাভ কৰিছে ‘Indian Motion Pictures Producers Association’এ। এই ছবিখনৰ নিৰ্মাতা কোন সেই কথা এতিয়ালৈকে গম পোৱা হোৱা নাই।