‘ৰাজনৈতিক নেতাসকলে অন্ততঃ ১০ কোটিকৈ দিয়ক, জনতাৰে টকা’ – ক’লে এইগৰাকী বলীউদ অভিনেতাই

News18 Assam | News18-Assam
Updated:March 27, 2020, 3:13 PM IST
‘ৰাজনৈতিক নেতাসকলে অন্ততঃ ১০ কোটিকৈ দিয়ক, জনতাৰে টকা’ – ক’লে এইগৰাকী বলীউদ অভিনেতাই
কমাল আৰ খানৰ এই টুইট ভাইৰেল হৈ পৰিছে ছছিয়েল মিডিয়াত

কমাল আৰ খানৰ এই টুইট ভাইৰেল হৈ পৰিছে ছছিয়েল মিডিয়াত

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব। ভাৰততো ২১ দিনৰ বাবে ঘোষণা কৰা হৈছে লকডাউন। দেশৰ জনতায়ো চৰকাৰৰ সঁহাৰি জনাইছে চৰকাৰৰ পদক্ষেপক। শেহতীয়াকৈ বাহুবলীৰ অভিনেতা প্ৰভাসে কোৰোণা ভাইৰাছৰ যুঁজৰ বাবে ৪ কোটি টকাৰ সাহায্য ঘোষণা কৰিছে। এতিয়া বলীউদৰ অভিনেতা আৰু প্ৰযোজক কমাল আৰ খানে কোৰোণা ভাইৰাছক লৈ এটা টুইট কৰিছে যোটি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰাজনৈতিক নেতাক লক্ষ্য কৰি কমাল আৰ খানে নিজৰ টুইটত লিখিছে যে দেশৰ প্ৰতিগৰাকী নেতাই সাহায্য পুঁজিলৈ অন্ততঃ ১০ কোটিকৈ দিব লাগে। কিয়নো তেওঁলোকৰ ওচৰত আজি যি আছে সেয়াতো জনতাৰে।


কেআৰকেই নিজৰ টুইটৰ জৰিয়তে নেতাসকলক কোৰোণা ভাইৰাছৰ এই যুঁজখনৰ বাবে সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে।
Published by: Sanjay Kumar Das
First published: March 27, 2020, 3:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি