বোকাৰোত অক্সিজেন চিলিণ্ডাৰ বিচাৰি নিজেই হাহাকাৰ কৰিবলীয়া হৈছিল দেৱেন্দ্ৰই । চহৰখনৰ বহু অক্সিজেন প্ৰকল্প আৰু যোগানকৰ্তা পৰিদৰ্শনৰ অন্ততহে এটা চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ ।
বোকাৰোত অক্সিজেন চিলিণ্ডাৰ বিচাৰি নিজেই হাহাকাৰ কৰিবলীয়া হৈছিল দেৱেন্দ্ৰই । চহৰখনৰ বহু অক্সিজেন প্ৰকল্প আৰু যোগানকৰ্তা পৰিদৰ্শনৰ অন্ততহে এটা চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ ।
কোৰোণাৰ মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰৰ পিছতেই দেশত ঔষধ, আইচিইউ বেড আৰু বিশেষকৈ অক্সিজেনৰ নাটনিয়ে দেশত এক নাজল-নাথল পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইতিমধ্যই মহামাৰীৰ ফলত দেখা দিয়া অক্সিজেনৰ নাটনি দূৰ কৰি আনৰ জীৱন ৰক্ষা কৰিবলৈ ভগৱানৰ দূতৰূপে আগবাঢ়ি আহিছে ভিন্ন লোক । সংকটৰ এই সময়তো এনে বহু ইতিবাচক খবৰে আমাক আপ্লুত কৰিছে ।
এনে এক জটিল সময়তে এইবাৰ পোহৰলৈ আহিছে এগৰাকী বিপদৰ বন্ধুৰ হৃদয়স্পৰ্শী কাহিনী । কোভিডত আক্ৰান্ত হৈ অক্সিজেনৰ অভাৱত ছটফটাই থকা বন্ধুৰ জীৱন ৰক্ষা কৰিবলৈ ঝাৰখণ্ডৰ বোকাৰোৰ এগৰাকী ৩৮ বছৰীয়া বিদ্যালয় শিক্ষকে কৰা কামে আপোনাৰ অন্তৰকো চুই যাব । নয়ডাত কোভিড আক্ৰান্ত বন্ধুৰ পৰিয়ালৰ পৰা অক্সিজেন সমৰ্থনৰ বাবে কৰা এছঅ'ছ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তিনিখন ৰাজ্যৰ মাজেৰে ২৪ ঘন্টা ধৰি ১,৪০০ কিলোমিটাৰ গাড়ী চলাই অক্সিজেন গেছ ভৰ্তি চিলিণ্ডাৰ লৈ ভগৱানৰ দূত হৈ আহিল দেৱেন্দ্ৰ ।
বোকাৰোৰ চেক্টৰ৪ ৰ বাসিন্দা দেৱেন্দ্ৰই দেওবাৰে নিশা প্ৰায় ১.৩০ বজাত নয়ডা অভিমুখে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল । দিল্লীত কৰ্মৰত তেওঁৰ বন্ধু তথা আইটি কৰ্মচাৰী ৰঞ্জন আগৰৱালৰ পিতৃ-মাতৃয়ে তেওঁৰ বাবে অক্সিজেন যোগান কৰিবলৈ অক্ষম হোৱা খবৰ লাভ মাত্ৰকে ৰোৱা নাছিল দেৱেন্দ্ৰ । পেছাত শিক্ষক দেৱেন্দ্ৰই বোকাৰোত অক্সিজেন চিলিণ্ডাৰ বিচাৰি নিজেই বহু বাধাৰ সন্মুখীন হৈছিল। চহৰখনৰ বহু অক্সিজেন প্ৰকল্প আৰু যোগানকৰ্তা পৰিদৰ্শন কৰিছিল কিন্তু সকলোৱে কৈছিল তেওঁলোকক এটা খালী চিলিণ্ডাৰৰ প্ৰয়োজন হ'ব। যদিও অৱশেষত তেওঁ বালিদিহ ঔদ্যোগিক এলেকাৰ ঝাৰখণ্ড ষ্টীল অক্সিজেন প্ৰকল্পৰ অপাৰেটৰৰ ওচৰলৈ গৈছিল আৰু এক সুৰক্ষিত জমাৰ বিপৰীতে এটা অক্সিজেন ভৰ্তি চিলিণ্ডাৰ পাবলৈ সক্ষম হৈছিল । ইয়াৰ বাবে দেৱেন্দ্ৰই ১০,০০০ টকা পৰিশোধ কৰিছিল, য'ত অক্সিজেনৰ বাবে ৪০০ টকাৰ মাচুল অন্তৰ্ভুক্ত আছিল।
তাৰ পিছতে বিহাৰ আৰু উত্তৰ প্ৰদেশ হৈ সোমবাৰে আবেলি নয়ডাত উপস্থিত হৈছিল আৰু সময়মতে তেওঁৰ বন্ধুৰ ওচৰলৈ গৈ অক্সিজেন চিলিণ্ডাৰ দিবলৈ সক্ষম হৈছিল । ইপিনে নয়ডাত উপস্থিত হৈ দেৱেন্দ্ৰই কয় এনেদৰে "মোৰ বন্ধু এতিয়া সুস্থ হৈ উঠিছে । তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈকে মই নয়ডাতে থাকিম ।"
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|