মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid-19 and Diabetes: কোৰোণাৰ পৰা আৰোগ্য লোকৰ দেহত অস্বাভাৱিক হাৰত বাঢ়িছে ডায়েবেটিছ ৰোগ। AIIMSৰ গৱেষণাত চঞ্চল্যকৰ তথ্য।

Covid-19 and Diabetes: কোৰোণাৰ পৰা আৰোগ্য লোকৰ দেহত অস্বাভাৱিক হাৰত বাঢ়িছে ডায়েবেটিছ ৰোগ। AIIMSৰ গৱেষণাত চঞ্চল্যকৰ তথ্য।

News18 Assam | News18-Assam
Updated:July 1, 2021, 1:49 PM IST
Covid-19 and Diabetes: কোৰোণাৰ পৰা আৰোগ্য লোকৰ দেহত অস্বাভাৱিক হাৰত বাঢ়িছে ডায়েবেটিছ ৰোগ। AIIMSৰ গৱেষণাত চঞ্চল্যকৰ তথ্য।
সমীক্ষাত সামৰি লোৱা ৩০০০ জনৰ ভিতৰত ৪৮০ জনৰ অৰ্থাৎ ১৬ শতাংশই কয় যে তেওঁলোকৰ দেহত অস্বাভাৱিক হাৰত ব্লাড ছুগাৰ বৃদ্ধি পাইছে।

সমীক্ষাত সামৰি লোৱা ৩০০০ জনৰ ভিতৰত ৪৮০ জনৰ অৰ্থাৎ ১৬ শতাংশই কয় যে তেওঁলোকৰ দেহত অস্বাভাৱিক হাৰত ব্লাড ছুগাৰ বৃদ্ধি পাইছে।

  • Share this:
চলিত বছৰত কোৰোণাৰ (Covid-19) দ্বিতীয় ঢৌত যিসকল লোক আক্রান্ত হৈছিল তেওঁলোকৰ ভিতৰত অধিকাংশ লোকৰ দেহতে ব্লাড ছুগাৰ বৃদ্ধি বা মধুমেহ (Diabetes) ৰোগৰ লক্ষণ দেখা গৈছে। কোৰোণা ভাইৰাছৰ চৰিত্ৰক লৈ নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা তথা গৱেষণা চলি আছে। সম্প্রতি এইমছ (AIIMS) পাটনাৰ এক গৱেষণাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। এই গৱেষণাৰ তথ্য মতে কোৰোণাৰ (Covid-19) দ্বিতীয় ঢৌত যিসকল লোক আক্রান্ত হৈ আৰোগ্য হৈছিল তেওঁলোকৰ অধিকাংশই পৰৱৰ্তি সময়ত ব্লাড ছুগাৰ বৃদ্ধি বা মধুমেহ (Diabetes) ৰোগত আক্ৰান্ত হৈছে।

প্রায় ৩০০০ লোকক লৈ ফোনযোগে এই সমীক্ষা চলাইছিল এইমছ পাটনাৰ গৱেষক দলে। কোভিডমুক্ত হোৱাৰ পিছত শৰীৰত কিবা ধৰণৰ সমস্যা হৈছে নেকি বা হৈছে যদি কি কি সমস্যা হৈছে এনেধৰণৰ বিষয়ত সমীক্ষা চলাইছিল গৱেষকসকলে। এই সমীক্ষাতেই বেছিভাগ লোকে তেজত শৰ্কৰা (Blood Sugar)ৰ পৰিমাণ বৃদ্ধি হোৱা বুলি জনাইছিল।

AIIMS, পাটনাৰ পোষ্ট ট্ৰমা বিভাগৰ মূৰব্বী চিকিৎসক অনিল কুমাৰে কয় যে কোৰোণামুক্ত সকলৰ দেহত শকত হোৱা, ভোক কমি যোৱা, দেহত বিষ আদি নানা ধৰণৰ উপসৰ্গৰ কথা জানিব পৰা গৈছে। কিন্তু বেছিভাগৰেই দেহত অস্বাভাৱিক হাৰত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যোৱাৰ তথ্য পোৱা গৈছে বুলিও জনায় অনিল কুমাৰে।

এই সমীক্ষাত সামৰি লোৱা ৩০০০ জনৰ ভিতৰত ৪৮০ জনৰ অৰ্থাৎ ১৬ শতাংশই কয় যে তেওঁলোকৰ দেহত অস্বাভাৱিক হাৰত ব্লাড ছুগাৰ বৃদ্ধি পাইছে। আনহাতে ৮৪০ জনে অৰ্থাৎ ২৮ শতাংশই কোৰোণাৰ পৰা আৰোগ্যৰ পিছত যথেষ্ট দুৰ্বল অনুভৱ কৰিছে।

এই গৱেষণাত পোহৰলৈ আহিছে যে ১৫.৮ শতাংশৰ দেহত কোৰোণাৰ লক্ষণ ৰৈ গৈছে, ৫ শতাংশৰ শ্বাসজনিত সমস্যা থাকি গৈছে আৰু ৭ শতাংশই উচ্চ ৰক্ত চাপৰ সমস্যাত ভূগিছে। ৪ শতাংশই আৰোগ্যৰ পিছতো আতংকত ভূগি আছিল আৰু ৩০০০ জনৰ ভিতৰত ৫ জনৰ দেহত ব্লেক ফাংগাছ ধৰা পৰিছিল। এই উপসৰ্গসমূহক দীৰ্ঘকালীন কোৰোণা বুলিয়েই উল্লেখ কৰিছে চিকিৎসকে।
Published by: Manjumoni Borah
First published: July 1, 2021, 1:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি