ক’ৰোণাৰ বিৰুদ্ধে যুদ্ধঃ বিজেপিৰ সকলো সাংসদে ১ কোটি আৰু বিধায়কে আগবঢ়াব এমাহৰ দৰমহা

News18 Assam | News18-Assam
Updated:March 28, 2020, 5:57 PM IST
ক’ৰোণাৰ বিৰুদ্ধে যুদ্ধঃ বিজেপিৰ সকলো সাংসদে ১ কোটি আৰু বিধায়কে আগবঢ়াব এমাহৰ দৰমহা
ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপিয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • Share this:
বৰ্তমান সমগ্ৰ দেশতে ক’ৰোণা ভাইৰাছৰ সংহাৰী ৰূপ। প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। এতিয়ালৈতে ৮৭৩জনৰ শৰীৰত পোৱা গৈছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। এনে জটিল পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ বহুতে এতিয়া চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে অনুদান। এই সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ গুৰুত্বপূৰ্ণ ঘোষণা।

বিজেপি দলৰ সকলো সাংসদ আৰু বিধায়কে নিজৰ এমাহৰ দৰমহা বা পুঁজি ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াব। এই ধনৰশি জমা কৰা হ’ব কেন্দ্ৰীয় চৰকাৰৰ আৰোগ্য নিধিত।

জেপি নড্ডাই কয় যে, ‘দলৰ সকলো সাংসদে ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ সাংসদ পুঁজিৰ পৰা ১ কোটি টকা সাহায্য আগবঢ়াব। লগতে বিধায়কসকলে নিজৰ এমাহৰ দৰমহা আগবঢ়াব।’


Published by: Himangshu Bhuyan
First published: March 28, 2020, 5:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি