বিহাৰত দ্ৰুতগতিত বৰ্ধিত কৰোনা সংক্ৰমণৰ প্ৰতি দৃষ্টি ৰাখি চৰকাৰে ১১ এপ্ৰিললৈকে সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। কৰোনাৰ অস্বাভাৱিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই বিষয়াসকলক নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই বিষয়াসকলক কৰোনাৰ অস্বাভাৱিক পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি কৰোনা সংকট ব্যৱস্থাপনা গোটৰ এখন বৈঠক আহ্বান কৰিবলৈ নিৰ্দেশ দিছিল।মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কৰোনা সংকট ব্যৱস্থাপনা গোটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত বিহাৰৰ মুখ্য সচিব অৰুণ কুমাৰ, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব, প্ৰত্যয় অমৃত আৰু শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব সঞ্জয় কুমাৰে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি, সকলো বিদ্যালয়, মহাবিদ্যালয় ১১ এপ্ৰিললৈ বন্ধ থাকিব।
বৈঠকত ৰাজহুৱা অনুষ্ঠানৰ ওপৰত এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। সীমিতসংখ্যক লোকহে বিবাহ বা তেনে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব। দুৰ্যোগ বিভাগৰ প্ৰধান সচিব প্ৰত্যয় অমৃতে কয় যে পৰিস্থিতি অনুসৰি পুনৰ সিদ্ধান্ত লোৱা হ'ব। ৰাজ্যখনত ক'ভিদ আক্ৰান্ত ৰোগী৬০০ ৰ পৰা ৭০০ লৈ বৃদ্ধি হোৱা দেখাৰ পিছত চৰকাৰে শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখি এই ডাঙৰ সিদ্ধান্ত লৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|