
২ মাৰ্চত গুৱাহাটীৰ পৰা ভূটানলৈ ৰাওনা হৈছিল ব্যক্তিজন
২ মাৰ্চত গুৱাহাটীৰ পৰা ভূটানলৈ ৰাওনা হৈছিল ব্যক্তিজন
এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ক’ৰোণা ভাইৰাছৰ আতংক। ভূটানত এই ভাইৰাছত আক্ৰান্ত প্ৰথমজন লোকক চিনাক্ত কৰা হৈছে। কোৰোণাত আক্ৰান্ত লোকজন এজন আমেৰিকান পৰ্যটক। গুৱাহাটী বিমানবন্দৰৰ পৰা ভূটানলৈ গৈছিল পৰ্যটকজন। গুৱাহাটী বিমানবন্দৰত স্বাস্থ্য পৰীক্ষাও কৰা হৈছিল লোকজনৰ।
![]()
২ মাৰ্চত গুৱাহাটীৰ পৰা ভূটানলৈ ৰাওনা হোৱাৰ পূৰ্বে ব্যক্তিজনে ৭ দিন ব্ৰহ্মপুত্ৰৰ বুকুৰে কৰিছিল যাত্ৰা। ক’ৰোণাত আক্ৰান্ত ৭৯ বছৰ বছৰীয়া আমেৰিকান পৰ্যটকজনে মুম্বাই আৰু কলিকতাতো কেইদিনমান কটাইছিল। কিন্তু ভটানত উপস্থিত হোৱাৰ পিছতে লোকজনৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|