ৰিয়েল হিৰ’! পিতৃৰ মৃত্যুৰ এদিন পিছতে কৰ্তব্যত যোগদান IAS বিষয়াৰ, এতিয়া ক’ৰোণাত আক্ৰান্ত সকললৈ আগবঢ়াই আছে সেৱা

News18 Assam | News18-Assam
Updated:March 18, 2020, 12:37 PM IST
ৰিয়েল হিৰ’! পিতৃৰ মৃত্যুৰ এদিন পিছতে কৰ্তব্যত যোগদান IAS বিষয়াৰ, এতিয়া ক’ৰোণাত আক্ৰান্ত সকললৈ আগবঢ়াই আছে সেৱা
 ৰিয়েল লাইফৰ এজন হিৰ’ৰ কাহিনী।

 ৰিয়েল লাইফৰ এজন হিৰ’ৰ কাহিনী।

  • Share this:
এতিয়া সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ত্ৰাসৰ সৃষ্টি পৰিছে ক’ৰোণা ভাইৰাছে। ভাৰতবৰ্ষত এতিয়ালৈকে ১৪৭ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। চৰকাৰী হাস্পতালত চিকিৎসকৰ লগতে স্বাস্থ্য বিভাগৰ চৰকাৰী উচ্চ স্তৰীয় বিষয়া সকলে ঘৰ পৰিয়াল এৰি ৰোগী সকলক সহায় কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ লগতে ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে। সেইসময়তে ভুৱনেশ্বৰৰ IAS বিষয়া নিকুঞ্জ ঢল বিশেষ ভাবে চৰ্চিত হৈছে।

সাধাৰণতে ছবিত দেখা যায় এনে ঘটনা। কিন্তু এতিয়া ঘৰুৱা সমস্যাক একাশৰীয়া কৰি নিকুঞ্জ ঢলে পালন কৰি আছে নিজৰ কৰ্তব্য। বৰ্তমান সমাজৰ কাৰণে ৰিয়েল হিৰ’নিৰুঞ্জ ঢল। দেশত ক’ৰোণা ভাইৰাছে সৃ্ষ্টি কৰা ত্ৰাসৰ সময়তে মৃত্যু হ’ল নিকুঞ্জ ঢলৰ পিতৃৰ। কিন্তু নিজৰ পিতৃৰ অন্তিম সত্‍কাৰ কৰিয়েই মাত্ৰ ২৪ ঘণ্টাৰ পিছতে যোগ দিয়ে নিজৰ কৰ্মত।

নিকুঞ্জ ঢল স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ সচিব হিচাপে কৰ্মৰত। দেশত ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি নিকুঞ্জই পিতৃৰ মৃত্যুৰ দুদিন পিছতে কৰ্তব্যত যোগদান কৰি ক’ৰোণাত আক্ৰান্ত ৰোগীসকললৈ আগবঢ়াইছে সহায়ৰ হাত।

খবৰটো ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ লগে লগেই সকলোৱে প্ৰশংসা কৰিছে নিকুঞ্জক। আনকি বহুতে নিকুঞ্জ ঢলৰ বহুতৰে বাবে প্ৰেৰণাৰ উৎস বুলিও অভিহিত কৰিছে।
Published by: Himangshu Bhuyan
First published: March 18, 2020, 12:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading