• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covaxin : ২ৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ মাজত কোভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি।

Covaxin : ২ৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ মাজত কোভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি।

এই পৰীক্ষণ দিল্লী এইমছ(AIIMS, Delhi) পাটনাৰ এইমছ (AIIMS, Patna) আৰু নাগপুৰৰ মেডিতৃণা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত মুঠ ৫২৫ গৰাকী লোকৰ দেহত কৰা হ’ব।

  • Share this:
দেশজুৰি কোৰোণাৰ সংহাৰ অব্যাহত থকাৰ মাজতে ২ৰ পৰা ১৮ বছৰ বয়সৰ লোকৰ মাজত ভাৰত বায়’টেকৰ কোভাক্সিন(Covaxin)ৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি।

কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সন্থা (Central Drugs Standard Control Organization (CDSCO))ৰ বিশেষজ্ঞ কমিটীয়ে (Subject Expert Committee (SEC)) এই অনুমোদন দিছে মঙলবাৰে। এক চৰকাৰী সূত্ৰত প্ৰকাশ এই খবৰ।

এই পৰীক্ষণ দিল্লীৰ এইমছ (AIIMS, Delhi) পাটনাৰ এইমছ (AIIMS, Patna) আৰু নাগপুৰৰ মেডিতৃণা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত মুঠ ৫২৫ গৰাকী লোকৰ দেহত কৰা হ’ব।

ভাৰত বায়’টেকে ২ৰ পৰা ১৮ বছৰৰ লোকৰ দেহত কোভাক্সিন কিমান সুৰক্ষিত, ইয়াৰ পাৰ্শ্বক্ৰিয়া আৰু প্ৰতিৰোধ ক্ষমতা সম্পৰ্কে পৰীক্ষণৰ বাবে কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সন্থাৰ পৰা অনুমতি বিচাৰিছিল।

এই পৰীক্ষণৰ সকলো দিশ বিচাৰ-বিবেচনা কৰি অৱশেষত কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সন্থাই ভোাৰত বায়’টেকক পৰীক্ষণৰ বাবে অনুমতি দিয়ে। ইয়াৰ ফলত কোৰোণাৰ বিৰুদ্ধে য়ুঁজ অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে  কোভিশ্বীল্ডৰ লগতে ১৮ৰ উৰ্ধৰ সকলো লোককে দেশত দি থকা হৈছে কোভাক্সিন।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি