মুখ্যপৃষ্ঠা »খবৰ »Corona »ক'ত অন্তৰ্ধান হ'ল ৩হাজাৰ Covid positive ৰোগী ? বন্ধ মোবাইল ফোন , বিপদত ৰাজ্য চৰকাৰ...

ক'ত অন্তৰ্ধান হ'ল ৩হাজাৰ Covid positive ৰোগী ? বন্ধ মোবাইল ফোন , বিপদত ৰাজ্য চৰকাৰ...

প্ৰতীকি ছবি: Shutterstock

প্ৰতীকি ছবি: Shutterstock

Karnataka Coronavirus : ৰাজ্যখনত বুধবাৰৰ দিনটোত কোভিড সংক্ৰমণৰ ৩৯,০৪৭ টা নতুন ঘটনা পোহৰলৈ অহাৰ লগতে মৃত্যু হৈছে ২২৯ গৰাকী লোকৰ । ইয়াৰ ভিতৰত ২২,৫৯৬ গৰাকীয়েই হৈছে ৰাজ্যখনৰ ৰাজধানী বাংগালুৰুৰ ।

  • Share this:
শেহতীয়াকৈ লকডাউন ঘোষণা কৰা কৰ্ণাটক চৰকাৰে এইবাৰ আন এক নতুন সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাজধানী বাংগালুৰুৰ পৰা সন্ধানহীন হৈ আছে ৩,০০০ গৰাকী কোৰোণা সংক্ৰমিত লোক । কেৱল এয়াই নহয়, এই সন্ধানহীন লোকসকৰ যোগাযোগ নম্বৰো বন্ধ হৈ আছে । যাৰ বাবে এতিয়া প্ৰশাসনৰ বাবে এই সন্ধানহীন সংক্ৰমিত লোকসকলক বিচাৰি উলিওৱাটো অতি কঠিন হৈ পৰিছে ।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, বাংগালুৰু চহৰৰ পৰা সন্ধানহীন হৈ থকা এই ৩ হাজাৰ পজিটিভ ৰোগীক ধৰিবলৈ চৰকাৰে আৰক্ষীক নিৰ্দেশ দিছে । ৰাজ্যৰ ৰাজহ মন্ত্ৰী আৰ অশোকে দাবী কৰিছে যে যিহেতু কৰ্ণাটকত কোভিড১৯ ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছে তেনেস্থলত এই সন্ধানহীন লোকসকলে বিয়পাই আছে ৰোগবিধ । লগতে তেওঁ কয়, অধিকাংশ সংক্রামিত লোকেই তেওঁলোকৰ ফোন বন্ধ কৰি ৰাখিছে তথা আনক তেওঁলোকৰ অৱস্থানৰ বিষয়ে জানিবলৈ দিয়া নাই । যিয়ে সকলো কথা অধিক কঠিন কৰি তুলিছে। মই ভাৱো বাংগালুৰুত কমেও ২,০০০ ৰ পৰা ৩,০০০ মানুহে তেওঁলোকৰ ফোন বন্ধ কৰি ঘৰ এৰিছে । আমি নাজানো তেওঁলোক ক'লৈ গৈছে ।"

মন্ত্ৰী অশোকে সংক্ৰমিতসকলক তেওঁৰ ফোন আৰম্ভ কৰিবলৈ আহ্বান জনাই কয় যে "মই তেওঁলোকক হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছো, তেওঁলোকৰ এনে আচৰণে কোভিডৰ ঘটনা বৃদ্ধি কৰিব । এয়া ভুল ধাৰণা ।"

ইপিনে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ কে সুধাকৰে কয় এনেদৰে "বিগত এবছৰ ধৰি মানুহৰ নিৰুদ্দেশ হোৱাৰ ঘটনা চলি আছে । আমি লোকসকলক বিনামূলীয়া ঔষধ প্ৰদান কৰি আছো, যিয়ে ৯০ শতাংশ ঘটনা নিয়ন্ত্ৰণ কৰিব পাৰে। কমেও ২০ শতাংশ ৰোগীয়ে আমাৰ যোগাযোগৰ প্ৰতি সঁহাৰি জনোৱা নাই...আৰক্ষীয়ে তেওঁলোকক নিজৰ মতে বিচাৰি উলিয়াব । "

উল্লেখ্যে যে ৰাজ্যখনত চৰকাৰে বর্তমানে ১৪ দিনৰ লকডাউন ঘোষণা কৰিছে। এই নিষেধাজ্ঞাবোৰ মঙলবাৰৰ পৰা আৰম্ভ হৈছে । তাৰ পিছতো বুধবাৰৰ দিনটোত কোভিড সংক্ৰমণৰ ৩৯,০৪৭ টা নতুন ঘটনা পোহৰলৈ অহাৰ লগতে মৃত্যু হৈছে ২২৯ গৰাকী লোকৰ । ইয়াৰ ভিতৰত ২২,৫৯৬ গৰাকীয়েই হৈছে ৰাজ্যখনৰ ৰাজধানী বাংগালুৰুৰ ।

শেহতীয়া বাতৰি