உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা কোভিড আক্ৰান্ত মহিলাই ১০৮ এম্বুলেঞ্চতেই জন্ম দিলে সন্তান, প্ৰকৃত কোভিড যোদ্ধাৰ ৰূপত স্বাস্থ্য কৰ্মী

    প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা কোভিড আক্ৰান্ত মহিলাই ১০৮ এম্বুলেঞ্চতেই জন্ম দিলে সন্তান, প্ৰকৃত কোভিড যোদ্ধাৰ ৰূপত স্বাস্থ্য কৰ্মী

    যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাতে লাহদৈগড় সমীপত ঘটা ঘটনাৰ পিছত মাতৃ-সন্তান দুয়োগৰাকীয়েই বিপদমুক্ত হৈ চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত

    যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাতে লাহদৈগড় সমীপত ঘটা ঘটনাৰ পিছত মাতৃ-সন্তান দুয়োগৰাকীয়েই বিপদমুক্ত হৈ চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত

    যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাতে লাহদৈগড় সমীপত ঘটা ঘটনাৰ পিছত মাতৃ-সন্তান দুয়োগৰাকীয়েই বিপদমুক্ত হৈ চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত

    • Share this:

    কোভিড-১৯ ৰ দ্ৰুত সংক্ৰমণক লৈ ৰাজ্যত শেহতীয়াকৈ অধিক জটিল হৈ পৰিছে পৰিস্থিতি। মহামাৰীক ৰুধিবৰ বাবে অধিক কঠোৰ হৈ পৰিছে নৱগঠিত ৰাজ্য চৰকাৰ। পুনৰ বলৱৎ কৰিছে কঠোৰ নীতি–নিৰ্দেশনা। এনে জটিল ক্ষণত নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকল। মঙলবাৰে নিশা যোৰহাটৰ এগৰাকী স্বাস্থ্য কৰ্মীয়ে পুনৰ দাঙি ধৰিলে কোভিড কালৰ প্ৰকৃত যোদ্ধাৰ পৰিচয়।


    প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা কোভিড আক্ৰান্ত মহিলাক এম্বুলেঞ্চতেই সন্তান প্ৰসৱ কৰাই দাঙি ধৰিলে মানৱতাৰ অনন্য নিদৰ্শন। ঘটনাৰ বিৱৰণি অনুসৰি যোৰহাট জিলাৰ প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা কোভিড আক্ৰান্ত মহিলাৰ এম্বুলেঞ্চতেই জন্ম দিলে সন্তান, কোভিড কালৰ প্ৰকৃত যোদ্ধা ১০৮ কৰ্মচাৰী


    ভগামুখ আদৰ্শ চিকিৎসালয়ত চিন্তামণিগড়ৰ এগৰাকী গৰ্ভৱতী মহিলা চিকিৎসালয়ত ভৰ্তি কৰিছিল। কিন্তু কোভিড আক্ৰান্ত হোৱা বাবে অধিক সুবিধাযুক্ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে লৈ যোৱাৰ পৰামৰ্শ দিছিল।সেই অনুসৰি লৈ  অনা হৈছিল ১০৮ যোগে। কোভিড আক্ৰান্ত মহিলাগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকা অৱস্থাতে লাহদৈগড় সমীপত প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পায়।


    উপায়হীন হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এম্বুলেঞ্চতেই এটি নৱজাতক প্ৰসৱ কৰায় ১০৮ ৰ জৰুৰী স্বাস্থ্য কৰ্মী কেশৱ হাজৰিকাই। এই ক্ষেত্ৰত স্বাস্থ্য কৰ্মী কেশৱ হাজৰিকাক সহযোগিতা কৰে ১০৮খনৰ চালক নীলোৎপল গগৈয়ে। সম্প্ৰতি মাতৃ-সন্তান দুয়োগৰাকীয়েই বিপদমুক্ত হৈ চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ।  এইগৰাকী স্বাস্থ্য কৰ্মীৰ এনে সাহসিকতাই সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে।

    Published by:Gautam Barman
    First published: