• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • অন্ধ্ৰ প্ৰদেশত কোৰোণাৰ আয়ুৰ্বেদিক ঔষধ! কিনিবলৈ ১০,০০০ জনতাৰ ভিৰ, ICMRলৈ পৰীক্ষাৰ বাবে পঠিয়ালে মুখ্যমন্ত্ৰীয়ে

অন্ধ্ৰ প্ৰদেশত কোৰোণাৰ আয়ুৰ্বেদিক ঔষধ! কিনিবলৈ ১০,০০০ জনতাৰ ভিৰ, ICMRলৈ পৰীক্ষাৰ বাবে পঠিয়ালে মুখ্যমন্ত্ৰীয়ে

এপ্ৰিলৰ ২১ তাৰিখৰ পৰা বিক্ৰী কৰি আছিল তেওঁ এই ঔষধ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ঔষধৰ কাৰ্যকাৰিতাৰ ওপৰত বিতং বৈজ্ঞানিক পৰীক্ষা বিচাৰিলে।

এপ্ৰিলৰ ২১ তাৰিখৰ পৰা বিক্ৰী কৰি আছিল তেওঁ এই ঔষধ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ঔষধৰ কাৰ্যকাৰিতাৰ ওপৰত বিতং বৈজ্ঞানিক পৰীক্ষা বিচাৰিলে।

এপ্ৰিলৰ ২১ তাৰিখৰ পৰা বিক্ৰী কৰি আছিল তেওঁ এই ঔষধ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে এই ঔষধৰ কাৰ্যকাৰিতাৰ ওপৰত বিতং বৈজ্ঞানিক পৰীক্ষা বিচাৰিলে।

  • Share this:

কোৰোণা ভাইৰাছৰ ভয়ে খেদি ফুৰিছে সকলোকে। আনফালে ইয়াৰ পৰা মুক্তিৰ পথৰো সন্ধান চলিছে। মাৰাত্মক ভাইৰাছৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত বিভিন্ন অধ্যয়ন কৰা হৈছে। ইয়াৰ মাজতে অন্ধ্ৰ প্ৰদেশ চৰকাৰে কোৰোণাৰ 'অলৌকিক নিৰাময়' (Miracle Cure)ৰ আয়ুৰ্বেদিক ঔষধৰ বৈজ্ঞানিক পৰীক্ষাৰ নিৰ্দেশ দিলে। কিয়নো এগৰাকী আয়ুৰ্বেদ চিকিৎসকে শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাৰ কৃষ্ণপটনম গাঁৱত কোভিড-১৯ 'আৰোগ্য'ৰ ঔষধ বিতৰণ কৰি আছিল।


কোভিডৰ ঔষধৰ বাবে সকলোৱে ভিৰ কৰে আয়ুৰ্বেদ চিকিৎসকৰ ঘৰত। এই কথা নিমিষতে বিয়পি গৈ অৱশেষত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ কৰ্ণগোচৰ হয়। শেষত আয়ুৰ্বেদিক ঔষধৰ কাৰ্যকাৰিতাৰ ওপৰত বিতং বৈজ্ঞানিক পৰীক্ষাৰ বাবে আইচিএমআৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় চৰকাৰে। আনহাতে, শাসনাধিষ্ঠিত ৱাইএছআৰচিপিৰ বিধায়ক কে গোবৰ্ধন ৰেড্ডীয়ে তেওঁৰ নিজৰ বিধানসভা সমষ্টিৰ পৰা এই আয়ুৰ্বেদ ঔষধৰ ওপৰত চহৰজুৰি সক্ৰিয়ভাৱে প্ৰচাৰ চলাই আছে। তেওঁৰ মতে, ই কোভিড-১৯ৰ এক 'অলৌকিক আৰোগ্য' লাভৰ ঔষধ।


উল্লেখ্য, ঔষধৰ উদ্ভাৱক বনিজি আনন্দাইয়া এজন প্ৰখ্যাত আয়ুৰ্বেদ চিকিৎসক বুলি পৰিচিত আৰু কোভিড–১৯ৰ পৰা আৰোগ্য লভিবলৈ তেওঁ পাঁচবিধ ঔষধি সংমিশ্ৰণ বিচাৰি পাইছে বুলি দাবী কৰিছে। এপ্ৰিলৰ ২১ তাৰিখৰ পৰা বিক্ৰী কৰি আছিল তেওঁ এই ঔষধ। প্ৰতিদিনে তেওঁৰ ঘৰৰ বাহিৰত ১০,০০০লৈকে মানুহৰ জুম বন্ধা পৰিলক্ষিত হৈছে। অন্ধ্ৰ প্ৰদেশৰ স্বাস্থ্য বিভাগে এতিয়া মানুহৰ ভিৰে কোভিড সংক্ৰমণ আৰু বৃদ্ধি কৰাৰ আশংকা কৰিছে। আনহাতে বিষয়টো আইচিএমআৰৰ ওচৰলৈ যোৱাৰ পিছত প্ৰতিবেদন নহালৈ তথাকথিত অলৌকিক আৰোগ্য ঔষধৰ প্ৰচাৰ নকৰিবলৈ গোবৰ্ধন ৰেড্ডীক কোৱা হৈছে। আইচিএমআৰৰ প্ৰতিবেদনত ঔষধৰ আচল ৰহস্য কেইটামান দিনৰ ভিতৰতে ওলাই পৰিব।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি