‘আমি আমাৰ মুখ্যমন্ত্ৰীক লৈ গৌৰৱ অনুভৱ কৰিছো’–মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশংসাৰে উপচালে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়াই

News18 Assam | News18-Assam
Updated:March 22, 2020, 8:54 PM IST
‘আমি আমাৰ মুখ্যমন্ত্ৰীক লৈ গৌৰৱ অনুভৱ কৰিছো’–মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশংসাৰে উপচালে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়াই
মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশংসাৰে উপচালে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়াই

মুখ্যমন্ত্ৰী সোণোৱালক প্ৰশংসাৰে উপচালে অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়াই

  • Share this:
শেহতীয়াকৈ ক'ৰোণা ভাইৰাছক কেন্দ্ৰ কৰি ভাৰতত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে। ঘৰত সোমাই থকাৰ বাদে বেলেগ কোনো গত্যন্তৰ নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তৎপৰতাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ আপডেট লৈ থকাৰ লগতে ৰাইজৰ বাবে কৰণীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি অসমবাসীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছে।

অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমীয়াৰ বাবেও এতিয়া চিন্তিত মুখ্যমন্ত্ৰীগৰাকী। শেহতীয়াকৈ নতুন দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনত আবদ্ধ হৈ আছিল অসমৰ তীৰ্থযাত্ৰীৰ এটি দল। দেওবাৰে পুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ বাতিল হোৱাত দলটো বিপদত পৰে। দিল্লীৰ স্থানীয় প্ৰশাসনেও তেওঁলোকক তাৰ পৰা আঁতৰি যাবলৈ কৈছিল। লগে লগে ‘ক'ত যাম, কি কৰিম’ একো ভাবি নাপাই তেওঁলোক হতভম্ব হৈ পৰিছিল।

কিন্তু এই খবৰ লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎক্ষণিকভাৱে উচ্চপদস্থ বিষয়াৰ জৰিয়তে অসম হাউছ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে আৰু দলটোক সুকলমে, স্বাস্থ্যসন্মতভাৱে ৰাখিবলৈ নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰী গৰাকীৰ এনে তাৎক্ষণিক সিদ্ধান্তৰ ফলত এতিয়া কিছু সকাহ পাইছে লোকসকলে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মহানুভৱতা দেখি তেওঁলোকে কৈছে, ‘ আমি আমাৰ মুখ্যমন্ত্ৰীক লৈ গৌৰৱান্বিত, যিয়ে কেৱল অসমতে থকা অসমীয়াৰ কথা ভবা নাই, বাহিৰত থকা অসমীয়াৰ কথাততো সমানে গুৰুত্ব দিছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading