ক’ৰোণা ভাইৰাছৰ আতংকই কি প্ৰভাৱ পেলাইছে অসমৰ চাহ উদ্যোগত?

News18 Assam | News18-Assam
Updated:March 21, 2020, 12:31 PM IST
ক’ৰোণা ভাইৰাছৰ আতংকই কি প্ৰভাৱ পেলাইছে অসমৰ চাহ উদ্যোগত?
Source-Google

বিশ্বৰ অৰ্থনীতিৰ সমীকৰণ সলনি কৰি পেলাইছে ক’ৰোণা ভাইৰাছৰ আতংকই

  • Share this:
বিশ্বৰ অৰ্থনীতিৰ সমীকৰণ সলনি কৰি পেলাইছে ক’ৰোণা ভাইৰাছৰ আতংকই । ব্যাপক প্ৰভাৱ পেলাইছে বাণিজ্যৰ ক্ষেত্ৰখনত। হাজাৰ হাজাৰ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে উদ্যোগসমূহ। কিন্তু কেনে আছে অসমৰ চাহ উদ্যোগ?

অসমৰ পৰা বিদেশলৈ ৰপ্তানি কৰা চাহৰ প্ৰায় ২৬ শতাংশ যায় চীন আৰু ইৰাণলৈ । কিন্তু আপুনি জানি আচৰিত হ’ব যে, বৰ্তমানলৈকে অসমৰ চাহ উদ্যোগৰ ওপৰত ক’ৰোণা ভাইৰাছৰ কোনো প্ৰভাৱ পৰা নাই । অসমৰ পৰা বছৰি প্ৰায় ২৫০ মিলিয়ন কেজি চাহ বিদেশলৈ ৰপ্তানি কৰা হয় । ইয়াৰে চীনলৈ প্ৰায় ১৩ মিলিয়ন কেজি আৰু ইৰাণলৈ প্ৰায় ৫৩ মিলিয়ন কেজি চাহ ৰপ্তানি কৰা হয় ।

ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই জানিবলৈ দিয়া মতে, বিদেশলৈ অসমৰ পৰা ৰপ্তানি কৰিব লগা চাহৰ কোনো লেনদেন বৰ্তমানলৈকে বাতিল কৰা হোৱা নাই। আনকি অসমৰ চাহৰ অন্যতম গ্ৰাহক চীনলৈ ৰপ্তানী কৰিব লগা অৰ্ডাৰসমূহ নিৰ্দিষ্ট ভাবেই গৈ আছে । ইৰাণলৈয়ো অসমৰ চাহ ৰপ্তানী হৈ আছে । আৰু এইকেইদিনত কিছু নতুন অৰ্ডাৰ আহিছেহে । কিন্তু আগন্তুক সময়চোৱাত পৰিস্থিতি কি হয় সেয়া এতিয়াই কব নোৱাৰি বুলি জানিবলৈ দিয়ে ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষগৰাকীয়ে ।

কিন্তু বৰ্তমানলৈকে পৰিস্থিতি ঠিকে থাকিলেও সকলো নিৰ্ভৰ কৰিছে আগন্তুক কেইটামান সপ্তাহৰ ওপৰত। আনহাতে ৰপ্তানীৰ কথা বাদ দিলে অসম তথা ভাৰতত ক’ৰোণা ভাইৰাছৰ আতংকৰ ফলত সৃষ্টি হোৱা পৰিৱেশে চাহৰ থলুৱা বজাৰত প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো বহু ঠাইত ব্যৱসায় প্ৰতিষ্ঠান , হোটেল , ৰেষ্টুৰেন্টসমূহ বন্ধ হৈ পৰাৰ লগতে বজাৰত মানুহ কমি যোৱাৰ ফলত চাহৰ বজাৰখনটো কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ।
Published by: Himangshu Bhuyan
First published: March 21, 2020, 12:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading