ধনশিৰি মহকুমাতে এতিয়ালৈ ৫১০ জন লোক কোভিড-১৯ পজিটিভ। সৰুপথাৰ, মৰঙী, বৰপথাৰ, গেলাবিল, উৰিয়ামঘাটত বহু লোক আক্ৰান্ত কোৰোণাত
ধনশিৰি মহকুমাতে এতিয়ালৈ ৫১০ জন লোক কোভিড-১৯ পজিটিভ। সৰুপথাৰ, মৰঙী, বৰপথাৰ, গেলাবিল, উৰিয়ামঘাটত বহু লোক আক্ৰান্ত কোৰোণাত
কোভিড-১৯ৰ দ্বিতীয় লহৰত গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিও বেয়াকৈ প্ৰভাৱিত হৈছে । সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাতে এতিয়ালৈ ৫১০ জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ লগতে মৃত্যু হৈছে ৫ জন লোকৰ।
সৰুপথাৰ সমষ্টিটোৰ অৰ্ন্তগত সৰুপথাৰ, মৰঙী, বৰপথাৰ, গেলাবিল, উৰিয়ামঘাট আদি অঞ্চলৰ দৈনিক আক্ৰান্ত হৈ আছে কোৰোণাত। এনে পৰিস্থিতিত কোৰোণাত আক্রান্ত ৰোগীৰ কাষত থিয় দিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।
বিধায়ক গৰাকীয়ে কোৰোণাত আক্রান্ত লোকসকলৰ মাজত বিতৰণ কৰিবলৈ যোগান ধৰে খাদ্য সামগ্রী। বিধায়ক বিশ্বজিৎ ফুকনে যোগান ধৰা খাদ্য সামগ্রী সমূহ দলীয় কৰ্মী সকলে গাঁৱে গাঁৱে গৈ বিতৰণ কৰিছে।
কোৰোণাৰ ভয়াৱহ সংক্ৰমণৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা ধৰ্মপুৰ গাঁৱৰ ৪১ ঘৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ উপৰি জিতাপাৰা, ৰজাপুখুৰী শ্যাম গাঁৱকে আদি কৰি কেইবাখনো গাঁৱৰ ২০০টা পৰিয়ালৰ মাজত এই খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক বিশ্বজিত ফুকনে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|