পশ্চিম বংগত আবদ্ধ অসমৰ তীৰ্থযাত্ৰীৰ দল, উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ কাতৰ আহ্বান

News18 Assam | News18-Assam
Updated:March 24, 2020, 10:55 AM IST
পশ্চিম বংগত আবদ্ধ অসমৰ তীৰ্থযাত্ৰীৰ দল, উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ কাতৰ আহ্বান
আৰক্ষীয়ে বাছখন আবদ্ধ কৰি ৰাখিছে যদিও কোনোধৰণৰ খাদ্যবস্তু বা খোৱাপানীৰ যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে।

আৰক্ষীয়ে বাছখন আবদ্ধ কৰি ৰাখিছে যদিও কোনোধৰণৰ খাদ্যবস্তু বা খোৱাপানীৰ যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে।

  • Share this:
পশ্চিম বংগত আবদ্ধ হৈ আছে অসমৰ তীৰ্থযাত্ৰীৰ এটা দল। বৈষ্ণো দেৱী মন্দিৰৰ লগতে স্বৰ্ণমন্দিৰ আদি চাবলৈ গৈছিল দলটো। দলটোত আছে কণমানি শিশু আৰু মহিলাও। বাছেৰে গুৱাহাটীলৈ ওভতাৰ পথত পশ্চিম বংগৰ এটা চেক পইণ্টত ৰখাই দিয়া হৈছে বাছখন।

দোকান–পোহাৰ খোলা নথকা বাবে তীব্ৰ খাদ্য সংকটত ভুগিছে তীৰ্থযাত্ৰীৰ দলটো। নিজৰ লগত থকা যি খাদ্যবস্তু আছিল, সেয়া শিশুকেইটাক খুৱাই সন্তুষ্ট কৰি ৰাখিছে দলটোৱে। আৰক্ষীয়ে বাছখন আবদ্ধ কৰি ৰখা স্থানত নাই কোনো পানীৰ ব্যৱস্থা, দোকান আদি।

আৰক্ষীয়ে বাছখন আবদ্ধ কৰি ৰাখিছে যদিও কোনোধৰণৰ খাদ্যবস্তু বা খোৱাপানীৰ যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰীসকলে। সেয়ে তীৰ্থযাত্ৰীৰ দলটোৱে তেওঁলোকক উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে।
Published by: Sanjay Kumar Das
First published: March 24, 2020, 10:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading