মুখ্যপৃষ্ঠা »খবৰ »Corona »Corona In Assam : ৰেহাই মূল্যত, বিনা ডেলিভাৰী চাৰ্জত ঘৰতে পাব ঔষধ। কোৰোণা কালত নাজিৰাৰ এখন ফাৰ্মাচীৰ ব্যতিক্ৰমী পদক্ষেপ।

Corona In Assam : ৰেহাই মূল্যত, বিনা ডেলিভাৰী চাৰ্জত ঘৰতে পাব ঔষধ। কোৰোণা কালত নাজিৰাৰ এখন ফাৰ্মাচীৰ ব্যতিক্ৰমী পদক্ষেপ।

নাজিৰা নগৰৰ শিৱ মেডিকেল ষ্ট’ৰে ৰেহাই মূল্যত হোম ডেলিভাৰী কৰিব ঔষধৰ। 86384-51375 অথবা 83990-82442 নম্বৰত কৰিলেই হ’ল হোৱাটছএপ মেছেজ।

  • Share this:
কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ বাবে নানা আহুকালৰ সন্মুখীন হ’বলগা হৈছে বহু লোক। এই দুৰ্যোগৰ সময়ত আৰ্তজনৰ কাষত থিয় দিছে নাজিৰাৰ এখন ফাৰ্মাচী।

নাজিৰা নগৰৰ শিৱ মেডিকেল ষ্ট’ৰ নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী প্ৰদীপ দেৱে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। ঔষধৰ হোম ডেলিভাৰী বিনা খৰছত কৰাৰ পদক্ষেপেৰে আৰ্তজনক সহায়ৰ বাবে আগবাঢ়িছে প্ৰদীপ দেৱ।

ব্যক্তিজনৰ 86384-51375 (৮৬৩৮৪৫১৩৭৫) অথবা 83990-82442 (৮৩৯৯০৮২৪৪২) মোবাইল ফোন নম্বৰত হোৱাটছএপ মেছেজ কৰি প্ৰেছক্ৰিপচন দি  নাজিৰাবাসীয়ে ঘৰৰ পদূলিতে লাভ কৰিব প্ৰয়োজনীয় ঔষধ।

নাজিৰাৰ সকলো অঞ্চলত সান্ধ্য আইনৰ সময়ত নিজা খৰছত ঘৰৰ পদূলিত দৰৱৰ যোগান ধৰিব ফাৰ্মাচীখনে। ইয়াৰ বাবে ৰাইজে বহন কৰিব নালাগে কোনো ডেলিভাৰী চাৰ্জ। আনকি দৰৱৰ ক্ষেত্ৰতো ৰেহাইৰ ব্যৱস্থা কৰিছে প্ৰদীপ দেৱে।

শেহতীয়া বাতৰি