মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid 19 Assam: চিৰাঙৰ কোৰোণা ৰোগীৰ বাবে সুখবৰ। জিলাখনত হ’ল অক্সিজেন প্ৰকল্প ৷

Covid 19 Assam: চিৰাঙৰ কোৰোণা ৰোগীৰ বাবে সুখবৰ। জিলাখনত হ’ল অক্সিজেন প্ৰকল্প ৷

News18 Assam | News18-Assam
Updated:May 13, 2021, 12:27 PM IST
Covid 19 Assam: চিৰাঙৰ কোৰোণা ৰোগীৰ বাবে সুখবৰ। জিলাখনত হ’ল অক্সিজেন প্ৰকল্প ৷
প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন প্ৰস্তুত কৰিবলৈ সক্ষম এই অক্সিজেন প্লাণ্ট। কেন্দ্ৰীয় চৰকাৰে ইংলেণ্ডৰ পৰা তিনিটা অক্সিজেন প্লাণ্ট আমদানি কৰিছে আৰু ইয়াৰে এটা চিৰাঙত স্থাপন হৈছে।

প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন প্ৰস্তুত কৰিবলৈ সক্ষম এই অক্সিজেন প্লাণ্ট। কেন্দ্ৰীয় চৰকাৰে ইংলেণ্ডৰ পৰা তিনিটা অক্সিজেন প্লাণ্ট আমদানি কৰিছে আৰু ইয়াৰে এটা চিৰাঙত স্থাপন হৈছে।

  • Share this:
কোৰোণা মহামাৰীৰ ভয়াৱহতাৰ মাজতে চিৰাঙবাসীলৈ সুখবৰ ৷ দেশজুৰি অক্সিজেনৰ ভয়াৱহ নাটনি চলি থকাৰ সময়তে ইংলেণ্ডৰ পৰা আহি পালে অক্সিজেন জেনেৰেটৰ প্লাণ্ট ৷

আজি চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত জেএছবি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হয় এটা অক্সিজেন জেনেৰেটৰ প্লাণ্ট ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰেৰণ কৰা অত্যাধুনিক প্ৰযুক্তিৰ এই অক্সিজেন প্লাণ্টটো  আনুষ্ঠানিকভাৱে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ হাতত হস্তান্তৰ কৰা হয় ৷

অতি শীঘ্ৰে এই অক্সিজেন প্লাণ্টটো কাৰ্যক্ষম কৰি তোলা হ’ব ৷ প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন প্ৰস্তুত কৰিবলৈ সক্ষম এই অক্সিজেন প্লাণ্টৰ জৰিয়তে মহামাৰী কোৰোণাৰ সৈতে অব্যাহত যুঁজখনত অতিকে সহায়ক হ’ব বুলি আশা কৰা হৈছে ৷

অক্সিজেন প্লাণ্ট অনাৰ সময়ত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে চিকিৎসালয়খনত উপস্থিত হৈ তদাৰক কৰে ৷ অক্সিজেন প্লাণ্টৰ জৰিয়তে লাভ কৰা অক্সিজেন জেএছবি অসামৰিক চিকিৎসালয়ৰ লগতে চুবুৰীয়া জিলাসমুহৰ চিকিৎসালয়লৈ যোগান ধৰাৰ ব্যৱস্থা কৰাৰ বাবেও বিধায়ক বসুমতাৰীয়ে আহ্বান জনায় ৷

উল্লেখ্যযে কেন্দ্ৰীয় চৰকাৰে ইংলেণ্ডৰ পৰা তিনিটা অক্সিজেন প্লাণ্ট আমদানি কৰিছে আৰু ইয়াৰে এটা চিৰাঙত স্থাপনৰ ব্যৱস্থা কৰিছে ৷
Published by: Manjumoni Borah
First published: May 13, 2021, 12:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি