নুমলীগড় চাহ বাগিচাত কোভিডৰ ভয়ানক সংক্ৰমণ। বাগিচাখনৰ ৭৬জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে । আৰু ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ।
কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কণ্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ'ব ।
সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|