খাদ্যৰ নাটনি কিদৰে দূৰ কৰিব চৰকাৰে? ভাড়াঘৰৰ মালিককো বিশেষ সকিয়নি মুখ্য সচিবৰ

News18 Assam | News18-Assam
Updated:March 25, 2020, 4:38 PM IST
খাদ্যৰ নাটনি কিদৰে দূৰ কৰিব চৰকাৰে? ভাড়াঘৰৰ মালিককো বিশেষ সকিয়নি মুখ্য সচিবৰ
জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সংবাদমেল

জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সংবাদমেল

  • Share this:
জনতা ভৱনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সংবাদমেল। ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেলৰ সম্বোধন কৰে মুখ্য সচিবগৰাকীয়ে।  সংবাদমেলত মুখ্যসচিব গৰাকীয়ে কয় যে, ‘ সকলোৱে নিয়ম মানি চলক, অন্যথা ব্যৱস্থা লোৱা হ'ব। লক ডাউনৰ সময়ত কোনো কম্প্ৰমাইজ নহ'ব।’

বিভিন্নজনে প্ৰশ্ন কৰিছে যে, ল’ক ডাউনৰ সময়ত ৰাজ্যত হ’ব খাদ্য়ৰ নাটনি। সেই সম্পৰ্কত সঞ্জয় কুমাৰ কৃষ্ণই কয় যে, ‘ফুড আইটেমৰ ক্ষেত্ৰত প্ৰশ্ন উঠিছে, আমি ৰিভিউ কৰিছো।আমাৰ ওচৰত যথেষ্ট খাদ্য মজুদ আছে, ইয়াৰ উপৰিও এসপ্তাহৰ বাবে কোনো চিন্তা কৰিব নালাগে, ব্যৱস্থা কৰা হৈছে। গেলামালসমূহ খোলা ৰাখিবলৈ কোৱা হৈছে। যি স্থানত গোলামাল দোকান নাই তালৈ খাদ্য যোগানৰ দিহা কৰা হৈছে।’

‘খাদ্যৰ নাটনি নহয়, কিবা অসুবিধা হ'লে জিলাসমূহৰ কন্ট্ৰল ৰুমলৈ ফোন কৰিলেই হ'ল।

ট্ৰেইনযোগে আজি খাদ্য আহিছে, কালিও আহিব। স্বাস্থ্যকৰ্মীসকলক সকলো সুবিধা আৰু সুৰক্ষা প্ৰদান কৰা হ'ব। ভাড়াঘৰৰ মালিকসকলে অসুবিধা দিলে বিহিত ব্যৱস্থা লোৱা হ'ব’
আৰু চাওক
পৰৱৰ্তী বাতৰি