• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Fight Against Corona : সজাগ হওক, সুৰক্ষিত থাকক, কোভিডমুক্ত হৈ থকাৰ পণ লৈ যোৰহাটৰ এখন গাঁৱে দেখুৱাইছে সজাগতাৰ নিদৰ্শন।

Fight Against Corona : সজাগ হওক, সুৰক্ষিত থাকক, কোভিডমুক্ত হৈ থকাৰ পণ লৈ যোৰহাটৰ এখন গাঁৱে দেখুৱাইছে সজাগতাৰ নিদৰ্শন।

সাৱধানতা আৰু সজাগতাৰ দ্ৱাৰাহে যে মহামাৰীৰ পৰা নিজক ৰক্ষা কৰিব পৰা যায়, সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।

সাৱধানতা আৰু সজাগতাৰ দ্ৱাৰাহে যে মহামাৰীৰ পৰা নিজক ৰক্ষা কৰিব পৰা যায়, সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।

সাৱধানতা আৰু সজাগতাৰ দ্ৱাৰাহে যে মহামাৰীৰ পৰা নিজক ৰক্ষা কৰিব পৰা যায়, সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।

  • Share this:
যিটো সময়ত ভয়াৱহ কোভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিতী-নিৰ্দেশনা ভংগ কৰা এচাম লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লব লগা হৈছে , সেইসময়তে যোৰহাটৰ এখন গাঁৱে নিজকে ক'ভিডমুক্ত কৰিবলৈ হাতত লোৱা সতৰ্কতা সম্প্ৰতি বিশেষ চৰ্চালৈ আহিছে।

জিলাখনৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ তথা টীয়ক নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ কাৱৈমাৰী গোহাঁই গাঁও নামৰ গাওখনৰ পৰিবেশে সকলোকে প্ৰেৰণা দিব পাৰে। গাঁওখনৰ সকলোৰে পদুলিমুখত হাত ধুবলৈ পানী আৰু চাবোনৰ ব্যৱস্থা। গাওঁখনৰ প্ৰতিখন সৰু-বৰ দোকানৰ সন্মুখত আঁৰি থৱোৱা আছে "মাক্স পিন্ধিহে দোকানলৈ আহিব" জাতীয় সজাগতামুলক পোষ্টাৰ।

গাঁওখনৰ প্ৰতিজন সদস্যই নিজকে কোৰোণামুক্ত কৰি ৰাখিবলৈ হাতত লোৱা এনে প্ৰচেষ্টাৰ ফলতেই হাত সাৰি আছে সম্ভাব্য সংক্ৰমণৰ পৰা।

মূল পথৰ পৰা ফাটি যোৱা উপ-পথসমুহৰ সন্মুখত বান্ধি দিয়া হৈছে বাঁহ। আনকি এইকেইদিন গাঁওৰক্ষী বাহিনীৰ অনুমতি অবিহনে গাঁওখনত প্ৰবেশ কৰিব নোৱাৰে কোনো অচিনাকি ব্যক্তি। মুলত গাঁওখনৰ শিক্ষিত যুৱকসকলৰ লগতে গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত প্ৰতিটো পৰিয়ালেই এতিয়া একো একোজন কোভিড যোদ্ধা হিচাপে থিয় দিছে।

দেশৰ এই জটিল ক্ষণত সাৱধানতা আৰু সজাগতাৰ দ্ৱাৰাহে যে মহামাৰীৰ পৰা নিজক ৰক্ষা কৰিব পৰা যায়, সেয়া এক প্ৰকাৰ প্ৰমাণ কৰি দেখুৱাইছে কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।
Published by:Manjumoni Borah
First published: