কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ গাঁও পঞ্চায়তে নিজে ঘোষণা কৰিলে জনতা কাৰ্ফিউ।গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিলত বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈ গেলাবিল গাঁও পঞ্চায়তে জনতা কাৰ্ফিউ ঘোষণা কৰিছে।
উল্লেখ্য যে গেলাবিল অঞ্চলত কোভিড-১৯ এ গণ সংক্ৰমণৰ দিশে গতি কৰাৰ পৰিপ্ৰেক্ষিতত গেলাবিল গাঁও পঞ্চায়তে ঘোষণা কৰিছে জনতা কাৰ্ফিউ।
জানিব পৰা মতে গেলাবিল অঞ্চলত মহকুমাটোৰ ভিতৰত সৰ্বাধিক কোভিড পজিটিভ ৰোগী আছে। গেলাবিল ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ৬ মে’ৰ পৰা এতিয়ালৈ ২৭৪ গৰাকী লোকক কোভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে ৫১গৰাকী কোভিড পজিটিভ। ইয়াৰে এগৰাকী কোভিড ৰোগী মৃত্যু মুখত পৰিছে।
জনতা কাৰ্ফিউত গেলাবিলৰ সকলো ধৰণৰ দোকান-বজাৰ বন্ধ ৰখাৰ উপৰিও জৰুৰীকালীন সকলো সেৱাৰ বাহিৰে কোনো লোক ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিছে পঞ্চায়তে। লগতে কোনোধৰণৰ জনসমাগম নকৰিবলৈ দিয়া হৈছে কঠোৰ নিৰ্দেশ।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 14, 2021, 16:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।