অসমত এতিয়াও লকডাউন হোৱা নাই, কি ক’লে মুখ্যমন্ত্ৰী কাৰ্যালয়ে?

News18 Assam | News18-Assam
Updated:March 23, 2020, 4:04 PM IST
অসমত এতিয়াও লকডাউন হোৱা নাই, কি ক’লে মুখ্যমন্ত্ৰী কাৰ্যালয়ে?
সকলো ৰাজ্যকে লকডাউন কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

সকলো ৰাজ্যকে লকডাউন কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

  • Share this:
অসমত এতিয়াও লকডাউন হোৱা নাই। আলোচনাৰ পিছত বিয়লিলৈ লকডাউনক লৈ  সিদ্ধান্ত জনাব ৰাজ্য চৰকাৰে। এই কথা জনালে মুখ্যমন্ত্ৰী কাৰ্যালয়ে। উল্লেখযোগ্য যে লকডাউনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ভিৰ লাগিছে ৰাজ্যৰ দোকানসমূহত। লকডাউন হোৱাৰ পূৰ্বে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ হেতা–ওপৰা লগাইছে জনসাধাৰণে। চাউল, দাইল, চেনি, নিমখকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ মজুত কৰি ৰাখিবলৈ তৎপৰ হৈ পৰিছে জনতা।

উল্লেখযোগ্য যে সকলো ৰাজ্যকে লকডাউন কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই। এতিয়ালৈ দেশৰ বিভিন্ন ৰাজ্যত লকডাউন কৰা হৈছে। অসমত কি হ’ব সেয়া জানিব পৰা যাব ৫ বজাতহে।
আৰু চাওক
পৰৱৰ্তী বাতৰি