জিলাখনত নতুনকৈ নিৰ্মাণ হৈ থকা ২০০ খন বিচনাযুক্ত চিকিৎসালয়খনত অতি শীঘ্ৰে ক'ভিড ৰোগীক চিকিৎসা কৰিব পৰাকৈ ২০ টা আইচিইউ নিৰ্মাণ কৰা হব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।
জিলাখনত নতুনকৈ নিৰ্মাণ হৈ থকা ২০০ খন বিচনাযুক্ত চিকিৎসালয়খনত অতি শীঘ্ৰে ক'ভিড ৰোগীক চিকিৎসা কৰিব পৰাকৈ ২০ টা আইচিইউ নিৰ্মাণ কৰা হব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।
শুকুৰবাৰে চৰাইদেউ জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। চিকিৎসালয়খনত উপস্থিত হৈ কেভিড পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।
চিকিৎসালয় খনত বৰ্তমান কি কি অভাৱ আছে বুজ লৈ সমস্যা সমূহ সমাধান কৰা হ'ব বুলি আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে । চিকিৎসালয় খন পৰিদৰ্শন কৰি কভিড ৰোগীক বৰ্তমান চিকিৎসক সকলে উপযুক্ত সেৱা আগবঢ়াই আছে বুলি সন্তোষ প্ৰকাশ কৰে ।
জিলাখনত নতুনকৈ নিৰ্মাণ হৈ থকা ২০০ খন বিচনাযুক্ত চিকিৎসালয়খনত অতি শীঘ্ৰে ক'ভিড ৰোগীক চিকিৎসা কৰিব পৰাকৈ ২০ টা আইচিইউ নিৰ্মাণ কৰা হব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।পৰিদৰ্শনৰ সময়ত মন্ত্ৰী জনৰ লগত মন্ত্ৰী যোগেন মহন,সাংসদ তপন কুমাৰ গগৈ, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত বিনীতা পেগু , যুটীয়া স্বাস্থ্য সঞ্চালিকা ডক্টৰ নিজৰা দেৱীকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
ইয়াতৰ পিছতে মন্ত্ৰীগৰাকীয়ে চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|