কাইলৈৰ পৰা অসমত লকডাউন! বিয়লিলৈ সিদ্ধান্ত জনাব ৰাজ্য চৰকাৰে

News18 Assam | News18-Assam
Updated:March 23, 2020, 11:59 AM IST
কাইলৈৰ পৰা অসমত লকডাউন! বিয়লিলৈ সিদ্ধান্ত জনাব ৰাজ্য চৰকাৰে
কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্য লকডাউন কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।

কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্য লকডাউন কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।

  • Share this:
মঙলবাৰৰ নিশাৰ পৰা ৫ দিনৰ বাবে সম্পূৰ্ণৰূপে স্তব্ধ হ'ব অসম! আজি বিয়লি ৫ বজাত চৰকাৰে আনুষ্ঠানিকভাৱে লকডাউনৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ত অসমত ৫ দিনৰ বাবে লকডাউন ঘোষণা কৰা হ’ব পাৰে। বন্ধ ৰাখিব লাগিব চৰকাৰী–বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান। ৰাজহুৱা পৰিবহণ ব্যৱস্থাও থাকিব বন্ধ।

কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্য লকডাউন কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। এক বিবৃতিযোগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই। নিৰ্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে নিৰ্দেশনাটোত।

ইফালে, লকডাউনক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘৫ বজাত ৰাজ্য চৰকাৰে লক ডাউন কৰিবনে নাই সেই কথা ঘোষণা কৰিব৷ কোৰোণাৰ প্ৰথম পৰ্যায় হোৱা নাই অসমত। আজি আবেলি ৩ বজাত মুখ্যমন্ত্ৰীৰে আলোচনা কৰিম আৰু ৫ বজাত আমি সকলো সিদ্ধান্ত ঘোষণা কৰিম।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading