মুখ্যপৃষ্ঠা »খবৰ »Corona »ৰঙিয়াৰ এখন গাঁৱত অঘটন । হোম আইছ'লেচনত থকা কোভিড ৰোগীৰ আত্মহনন।

ৰঙিয়াৰ এখন গাঁৱত অঘটন । হোম আইছ'লেচনত থকা কোভিড ৰোগীৰ আত্মহনন।

আত্মহত্যাৰ কৰা লোকজন হৈছে ৬০ বছৰীয়া বিবেকানন্দ শৰ্মা। কোভিড-১৯ ত আক্ৰান্ত হৈ মানসিক ভাৱে ভাঙি পৰিছিল বিবেকানন্দ শৰ্মা।

  • Share this:
    ৰঙিয়াৰ চেপ্তি গাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। হোম আইছ'লেচনত থকা এজন কোভিড ৰোগীয়ে কৰিলে আত্মহনন । হোম আইছ'লেচনত চিপজৰি লৈ আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাচি লোৱা লোকজন হৈছে ৬০ বছৰীয়া বিবেকানন্দ শৰ্মা ।

    বুধবাৰে চেপ্তি গাঁৱৰ বিবেকানন্দ শৰ্মা আৰু পত্নী লীলা দেৱীৰ ৰেপিড এন্টিজেন টেষ্ট কৰিছিল । এই টেষ্টত স্বামী, পত্নী দুয়োগৰাকীৰ দেহত ধৰা পৰে কভিড-১৯ । দুয়োজনকে স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে হোম আইছ'লেচনত ৰখা হৈছিল ।

    এনে সময়তে ৰহস্যজনকভাৱে নিজৰ কোঠা বন্ধ কৰি চিপ লৈ বিবেকানন্দ শৰ্মাই আত্মহত্যা কৰে । এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আত্মীয়ৰ । প্ৰশাসনৰ পৰিবৰ্তে পৰিয়ালৰ লোক সকলে নিজেই অন্ত্যেষ্টিক্ৰীয়া সম্পূৰ্ণ কৰিবলৈ বাধ্য হোৱা বুলি ক্ষোভ উজাৰে ।

    কোভিড-১৯ ত আক্ৰান্ত হৈ মানসিক ভাৱে ভাঙি পৰিছিল বিবেকানন্দ শৰ্মা। যাৰ বাবে আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা বুলি স্থানীয় লোকসকলে সন্দেহ প্ৰকাশ কৰে ।

    শেহতীয়া বাতৰি