Covid–19: অসমত নতুনকৈ ৮জনৰ দেহত ক’ৰোণাৰ অৱস্থিতি, আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:April 1, 2020, 9:37 PM IST
Covid–19: অসমত নতুনকৈ ৮জনৰ দেহত ক’ৰোণাৰ অৱস্থিতি, আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি
টুইটাৰ যোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

টুইটাৰ যোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
ক্ৰমাৎ অসমত ভয়ংকৰ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। এই পৰ্যন্ত অসমত সৰ্বমুঠ ১৩ জন লোক ক’ৰোণাত আক্ৰান্ত হোৱাৰ খবৰ। নতুনকৈ ৮ জনৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জানিবলৈ দিছে এই কথা।



অসমত এতিয়া তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কালিৰ পৰা এতিয়ালৈকে অসমত সৰ্বমুঠ ১৩ জন লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। জানিব পৰা মতে, আটাইকেইজন ক’ৰোণাত আক্ৰান্ত ৰোগীয়েই উজনি অসমৰ। উল্লেখযোগ্য যে, আক্ৰান্ত হোৱাৰ আটাই কেইজনেই নিজামুদ্দিনৰ মাৰ্কাজলৈ গৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading