২ ব'হাগৰ দিনা অসমত ক'ৰোনাত আক্ৰান্ত হয় ৫৭৩ জন লোক। ইয়াৰে ২৪৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
২ ব'হাগৰ দিনা অসমত ক'ৰোনাত আক্ৰান্ত হয় ৫৭৩ জন লোক। ইয়াৰে ২৪৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা। ২ ব'হাগৰ দিনা অসমত ক'ৰোানাত আক্ৰান্ত হয় ৫৭৩ জন লোক। ইয়াৰে ২৪৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
আক্ৰান্তসকলৰ ২৫জন ডিব্ৰুগড় জিলাৰ, ৪৭ জন কামৰূপ গ্ৰাম্য জিলাৰ, ৩০ জন শোণিতপুৰ জিলাৰ, ৩৩জন নগাঁও জিলাৰ, আৰু ১৯ জন কাৰ্বি আংলং জিলাৰ বুলি জানিব পৰা গৈছে। শুকুৰবাৰে আক্ৰান্তৰ গড় কিছু হ্ৰাস পাইছে। আক্ৰান্তৰ গড় হৈছে ১.৭৭ শতাংশ। মুঠ ৩২,৪২১ জনৰ পৰীক্ষা কৰা হৈছিল ২ ব'হাগৰ দিনা। আনহাতে ৪জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ এজন কামৰূপ মহানগৰ জিলাৰ, এজন নগাঁও জিলাৰ, এজন কৰিমগঞ্জ জিলাৰ আৰু এজন লখিমপুৰ জিলাৰ। ১১৩ জন লোক আৰোগ্য হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|