দেওবাৰে ৰাজ্যত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৩৯জন। ইয়াৰে ৩৫৪ জন হৈছে কামৰূপ মহানগৰ জিলাৰ।
দেওবাৰে ৰাজ্যত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৩৯জন। ইয়াৰে ৩৫৪ জন হৈছে কামৰূপ মহানগৰ জিলাৰ।
অসমত প্ৰতিদিনেই বৃৃদ্ধি পাইছে Coronaত আক্ৰান্ত ৰোগীৰ সংখ্যা। দেওবাৰেও তাৰ ব্যতিক্ৰম নহ'ল। দেওবাৰে ৰাজ্যত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৩৯জন। ইয়াৰে ৩৫৪ জন হৈছে কামৰূপ মহানগৰ জিলাৰ। কামৰূপ গ্ৰাম্য জিলাত ৩৫জন, নগাঁও জিলাত ২৮জন আৰু ডিব্ৰুগড় জিলাত ২৬জন লোক ক'ৰোনাত আক্ৰান্ত হয়।
দেওবাৰে ২৩,৩০০ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ২.৭৪ শতাংশ। সম্প্ৰতি ৰাজ্যত ক'ৰোনাত আক্ৰান্ত চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ৫,২৭৮। অন্তিম ২৪ ঘণ্টাত ক'ৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু হয়। ইয়াৰে এজন বৰপেটা জিলাৰ, এজন কাচাৰ জিলাৰ, এজন ধেমাজি জিলাৰ, এজন কামৰূপ মহানগৰ জিলাৰ, এজন মৰিগাঁও জিলাৰ আৰু এজন তিনিচুকীয়া জিলাৰ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|