অন্তিম ২৪ ঘণ্টাত ৰাজ্যত Covid-19ত আক্ৰান্ত ৬৩৯জন। দেওবাৰে ৬জন ক'ৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু।
দেওবাৰে ৰাজ্যত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৩৯জন। ইয়াৰে ৩৫৪ জন হৈছে কামৰূপ মহানগৰ জিলাৰ।
দেওবাৰে ৰাজ্যত ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৩৯জন। ইয়াৰে ৩৫৪ জন হৈছে কামৰূপ মহানগৰ জিলাৰ।
- News18 Assam
- Last Updated: April 19, 2021, 8:39 AM IST
দেওবাৰে ২৩,৩০০ জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল। আক্ৰান্তৰ হাৰ হৈছে ২.৭৪ শতাংশ। সম্প্ৰতি ৰাজ্যত ক'ৰোনাত আক্ৰান্ত চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ৫,২৭৮। অন্তিম ২৪ ঘণ্টাত ক'ৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু হয়। ইয়াৰে এজন বৰপেটা জিলাৰ, এজন কাচাৰ জিলাৰ, এজন ধেমাজি জিলাৰ, এজন কামৰূপ মহানগৰ জিলাৰ, এজন মৰিগাঁও জিলাৰ আৰু এজন তিনিচুকীয়া জিলাৰ।












