কোৰোণা মহামাৰীৰ আতংকৰ মাজতে অসমত বাঢ়িছে অক্সিজেনৰ উৎপাদন। জটিল পৰিস্থিতিত কোৰোণা ৰোগীৰ বাবে জীৱনদায়িনী হৈ পৰা অক্সিজেনৰ উৎপাদন বৃদ্ধি ৰাজ্যখনৰ বাবেই এক ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই কথা।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান অসমত দৈনিক ৭০ মেট্ৰিকটন অক্সিজেনৰ প্ৰয়োজন আৰু ইয়াৰ বিপৰীতে দৈনিক ৮০ মেট্ৰিকটন অক্সিজেন উৎপাদন হৈ আছে।
ইয়াৰ মাজতে ভাৰত চৰকাৰে দূৰ্গাপুৰৰ পৰা ১০০ মেট্ৰিকটন অক্সিজেন অসমক অনুমোদন দিছে ৷ অচিৰে ৰে'লৱেৰ টেংকাৰযোগে এই অক্সিজেন অসম পাবহি বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিয়লি মহানগৰীৰ সাউকুছুিত থকা প্ৰিমিয়াৰ ক্ৰায়'জেনিক লিমিটেড অক্সিজেন প্লাণ্ট পৰিদৰ্শন কৰি উৎপাদন ক্ষমতাৰ বুজ লয় ৷
প্লাণ্টটোৰ দুয়োটা ইউনিটে ২৮ৰ পৰা ৩০ মেট্ৰিকটন অক্সিজেন উৎপাদন কৰিব পাৰে ৷ প্লাণ্টটোৰ দুয়োটা ইউনিট বন্ধ হৈ আছিল ৷ এতিয়া এটা ইউনিট পুনৰ কাৰ্যক্ষম হোৱাত দৈনিক ১৪মেট্ৰিকটন অক্সিজেন উৎপাদন হৈ আছে ৷ দ্বিতীয় ইউনিটটো ১৫ দিনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি আশা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷