মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Corona In Assam : কণ্টেইনমেণ্ট জ’নত থকা দুখীয়া লোকে পাব বিনামূলীয়া খাদ্য। মানৱীয় দিশেৰে আমি কোৰোণাৰে যুঁজিব লাগিব : মুখ্যমন্ত্ৰী শৰ্মা

Corona In Assam : কণ্টেইনমেণ্ট জ’নত থকা দুখীয়া লোকে পাব বিনামূলীয়া খাদ্য। মানৱীয় দিশেৰে আমি কোৰোণাৰে যুঁজিব লাগিব : মুখ্যমন্ত্ৰী শৰ্মা

News18 Assam | News18-Assam
Updated:May 13, 2021, 10:07 AM IST
Corona In Assam : কণ্টেইনমেণ্ট জ’নত থকা দুখীয়া লোকে পাব বিনামূলীয়া খাদ্য। মানৱীয় দিশেৰে আমি কোৰোণাৰে যুঁজিব লাগিব :  মুখ্যমন্ত্ৰী শৰ্মা
প্ৰতিদিনে ১ লাখ লোকৰ কোভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ ৫০ লাখ ৰেপিড এণ্টিজেন টেষ্ট কিট ক্ৰয় কৰিবলৈও নিৰ্দেশ।

প্ৰতিদিনে ১ লাখ লোকৰ কোভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ ৫০ লাখ ৰেপিড এণ্টিজেন টেষ্ট কিট ক্ৰয় কৰিবলৈও নিৰ্দেশ।

  • Share this:
কণ্টেইনমেণ্ট জ’নত থকা দুখীয়া লোকসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে ভাল খবৰ। কোৰোণাৰ বাবে কণ্টেইনমেণ্ট জ’নত আবদ্ধ হৈ পৰা দুখীয়া লোকসকলক দুসপ্তাহৰবাবে বিনামূলীয়াকৈ খাদ্য যোগানৰ নিৰ্দেশ দিছে মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোভিড পৰিস্থিতি পৰ্যালচনা কৰি এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

একে সময়তে প্ৰতিদিনে ১ লাখ লোকৰ কোভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

কোৰোণা সংক্ৰমণ ৰোধ কৰিবলৈ মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন, কোভিড কেয়াৰ চেণ্টাৰ আদিৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশৰ লগতে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত অধিক গুৰুত্ব দিবলৈও মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্দেশ দিছে।

চিকিৎসালয়সমূহত যাতে কোভিড ৰোগীসকলে সকলো ধৰণৰ সুবিধা পায় তাৰ প্ৰতি নজৰ ৰাখিবলৈও নিৰ্দশ দিছে স্বাস্থ্য বিভাগৰ বিষয়াসকললৈ।

পৰ্যাপ্ত পৰিমাণত ৰেমডিছিভিৰ বেজী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে  নতুনকৈ ৫০ লাখ ৰেপিড এণ্টিজেন টেষ্ট কিট ক্ৰয় কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
Published by: Manjumoni Borah
First published: May 13, 2021, 10:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি