হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক কেনেদৰে প্ৰস্তুত কৰিব? অসম কৃষি বিশ্ববিদ্যালয়ৰ পদক্ষেপ

News18 Assam | News18-Assam
Updated:March 18, 2020, 10:00 AM IST
হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক কেনেদৰে প্ৰস্তুত কৰিব? অসম কৃষি বিশ্ববিদ্যালয়ৰ পদক্ষেপ
বিভাগটোৰ লেবৰেটৰীত ৭০% ইথাইল এলকহলৰ সৈতে দুবিধমান সুগন্ধি দ্ৰব্য মিহলাই প্ৰস্তুত কৰা হৈছে এই ছেনিটাইজাৰ।

বিভাগটোৰ লেবৰেটৰীত ৭০% ইথাইল এলকহলৰ সৈতে দুবিধমান সুগন্ধি দ্ৰব্য মিহলাই প্ৰস্তুত কৰা হৈছে এই ছেনিটাইজাৰ।

  • Share this:
নভেল কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লৈছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনৰ দুটা বিভাগত সংক্ৰমণ প্ৰতিৰোধী মাস্ক আৰু ছেনিটাইজাৰ প্ৰস্তুত কৰি এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে বিশেষ  পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ বস্ত্ৰ আৰু সাজপাৰ আৰ্হি প্ৰস্তুত বিভাগে প্ৰতিৰোধী মাস্ক আৰু কৃষি জৈৱ ৰসায়ন বিভাগে ছেনিটাইজাৰ প্ৰস্তুত কৰি এই দিশত সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰাৰম্ভিক পৰ্যায়ত বিভাগ দুটাত ৩০০০ মাস্ক আৰু ১০০০ ইউনিট এলকহল ছেনিটাইজাৰ প্ৰস্তুত কৰা হৈছে। ছাত্র–ছাত্ৰীসকলৰ অনুপস্থিতিৰ বাবে বিভাগটোৰ শিক্ষকসকলৰ লগতে কৰ্মচাৰীসকল ব্যস্ত হৈ পৰিছে। বিশ্ববিদ্যালয়ৰ চৌহদতে এই দুবিধ সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব। আনহাতে বজাৰত হেণ্ড ছেনিটাইজাৰৰ নাটনি হৈছে যদিও বিশ্ববিদ্যালয়খনৰ জৈৱ ৰসায়ন বিভাগত প্ৰস্তুত কৰা হৈছে এলকহল ছেনিটাইজাৰ।



বিভাগটোৰ লেবৰেটৰীত ৭০% ইথাইল এলকহলৰ সৈতে দুবিধমান সুগন্ধি দ্ৰব্য মিহলাই প্ৰস্তুত কৰা হৈছে এই ছেনিটাইজাৰ। ৭০% ইথাইল এলকহলৰ সৈতে ৩০% পানী মিহলায়ো প্ৰস্তুত কৰিব পাৰি এই ছেনিটাইজাৰ।

আনহাতে,  বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাসসমুহ ইতিমধ্যে বন্ধ কৰি দিয়াৰ উপৰি  আন্তঃৰাষ্ট্ৰীয়  ছাত্ৰাবাসত থকা বিদেশী  শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইসকল বিদেশী আৱাসীৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই সন্দৰ্ভত ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ভাৰতীয় সাংস্কৃতিক সম্পৰ্কৰক্ষী পৰিষদৰ সৈতে যোগাযোগ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।



বিশ্ববিদ্যালয়খনৰ ৭৫% ছাত্র–ছাত্ৰী ইতিমধ্যে ঘৰলৈ উভতি গৈছে। কিন্তু কেৰালা ,মহাৰাষ্ট্ৰ আদি বহিঃৰাজ্যৰ বহু ছাত্ৰ–ছাত্ৰীয়ে নিজৰ ঘৰখনতকৈ অধিক সুৰক্ষিত অনুভৱ কৰিছে বিশ্ববিদ্যালয় চৌহদটোক। কাৰণ বৰ্তমানলৈকে অসমত এজনো লোক কৰোণা ভাইৰাছৰ বলি হোৱা নাই। গতিকে অসমত থকাটো অধিক সুৰক্ষিত অনুভৱ কৰি এইসকল বহিঃৰাজ্যৰ ছাত্র–ছাত্ৰীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক থকাৰ অনুমতি দিবলৈ আৱেদন জনাইছে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। সমান্তৰালভাবে গ্ৰাম্য কৃষি অভিজ্ঞতা কাৰ্যসূচী আৰু ব্যৱহাৰিক শিক্ষণ কাৰ্যসূচীসমূহো বাতিল কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: March 18, 2020, 10:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading